দুশ্চিন্তা, জলবায়ু, ভেজাল খাদ্য আদিৰ কাৰণে কম বয়সতে চুলি পকিব পাৰে৷ তেতিয়া বিশেষভাৱে চুলিৰ যতন ল’ব লাগে৷
নাৰিকলৰ তেলৰ সৈতে আমলখি গুৰি গৰম কৰক৷ কিছুপৰ সিজোৱাৰ পাছত তেলৰ ৰং ৰঙচুৱা বা ক’লা হ’লে জুইৰ পৰা তেলখিনি নমাই ঠাণ্ডা হ’বলৈ দিব লাগে ঠাণ্ডা হ’লে সেই তেল চুলিত ব্যৱহাৰ কৰিলে চুলি ক’লা হয়, চুলি সৰা বন্ধ হ’ব৷
ভাত খোৱাৰ পাছত বজ্ৰাসনত বহি দিনে দুবাৰ চুলি আচুৰিব লাগে৷ ইয়াৰ ফলত চুলি সহজে পকিবলৈ সুবিধা নাপায়৷
ভিটামিন ‘এ’ আৰু ‘ডি’ প্ৰচুৰ পৰিমাণে থকা ফল-মূল খাব লাগে৷
আলু সিজোৱা পানীৰে মূৰ ধূলে চুলি পকাৰ পৰা হাত সাৰিব পাৰি৷
মেহেন্দি চুলিৰ বাবে বৰ উপকাৰী৷ এক চামুচ আমলখিৰ ৰস, এক চামুচ মেহেন্দি, এক চামুচ চাহপাত, একাপ গৰম পানীত মিহলাই তাত নেমুৰ ৰস মিহলাই সেই মিশ্ৰণ চুলিত সানিলে চুলি পকা হ্ৰাস পায়৷
ত্ৰিফলা খোৱাৰ লগতে ত্ৰিফলা ভিজাই থোৱা পানীৰে মূৰ ধুলেও চুলি নপকে৷
শিলিখাৰ গুড়ি, আমৰ ছাল, নিমপাত, ডালিম ফুলৰ কলি আৰু জেতুকাৰ পাতৰ ৰস মূৰত লগালে চুলি ক’লা হয়৷