আৰম্ভ হ’ল iPhone 15ৰ বিক্ৰী, কোনে প্ৰথম কিনিলে iPhone 15? দাম কিমান?

বিক্ৰী আৰম্ভ হ’ল iPhone 15ৰ। ভাৰতত নিৰ্মিত প্ৰথমটো iPhone বিক্ৰীৰ বাবে মুকলি। iPhone 15 ‘মেক ইন ইণ্ডিয়া’ৰ এক সফলতা।

ভাৰতৰ লগতে ৪০খন দেশত উপলব্ধ iPhone 15। পুৱা ৮ বজাৰ পৰা এপল ষ্টোৰসমূহত ভিৰ কৰিছে গ্ৰাহকে। দিল্লী, মুম্বাই এপল ষ্টোৰতো গ্ৰাহকৰ দীঘলীয়া শাৰী।

iPhone 15 ক্ৰয় কৰা প্ৰথমজন লোক অষ্ট্ৰেলিয়াৰ এম ডি বাদছা বুলবুল। জৰ্জ ছেইণ্ট ছিডনীত এপলৰ ফ্লেগশ্বিপ অষ্ট্ৰেলিয়ান ষ্টোৰৰ পৰা লোকজনে ক্ৰয় কৰিলে iphone 15 pro max।

তেওঁ বৃহস্পতিবাৰে নিশা ১১ বজাৰ পৰা ষ্টোৰৰ সন্মুখত ৰৈ আছিল iPhone 15 ক্ৰয় কৰিবৰ বাবে। তেওঁ ৯ ঘণ্টা অপেক্ষাৰ অন্তত বিশ্বৰ প্ৰথমজন এপল ৰিটেইল ষ্টোৰৰ গ্ৰাহক যিয়ে iPhone 15 pro max ক্ৰয় কৰে।

28GB বেছ ষ্টোৰেজৰ সৈতে iPhone 15ৰ দাম হ’ব ৭৯,৯০০, iPhone 15 plusৰ দাম ৮৯,৯০০, iPhone 15 pro(১২৮ জিবি)ৰ মূল্য ১,৩৪,৯০০। ২৫৬ GBযুক্ত iPhone 15 pro maxৰ দাম হ’ব ১,৫৯,৯০০।

উল্লেখ্য যে iPhone 15 চাৰ্জ দিব পাৰিব C টাইপৰ চাৰ্জাৰেৰে। এপলৰ ৱেবছাইটতো উপলব্ধ iPhone 15।

আজিৰে পৰা ৪০খনতকৈও অধিক দেশত নতুন আইফোনৰ বিক্ৰী আৰম্ভ হ’ব যদিও মাকাও, মালয়েছিয়া, তুৰস্ক, ভিয়েটনাম, আৰু আন ১৭খন দেশ আৰু অঞ্চলৰ ব্যৱহাৰকাৰীসকলে নতুন ডিভাইচটো পাবলৈ ২৯ ছেপ্টেম্বৰলৈকে অপেক্ষা কৰিব লাগিব।

You May Also Like

More From Author