এইবোৰ উপায়েৰে বৃক্ক ভালে ৰাখক…

1 min read

বৃক্কই শৰীৰত পানীৰ ভাৰসাম্য ৰক্ষা কৰে৷ বৃক্কই দেহৰ পৰা প্ৰস্ৰাৱৰ জৰিয়তে দূষিত পদাৰ্থসমূহ বাহিৰলৈ উলিয়াই দিয়ে৷ কিন্তু বৃক্কই সঠিকভাৱে কাম নকৰিলে বিভিন্ন শাৰীৰিক সমস্যা আৰম্ভ হ’বলৈ ধৰে৷ ইয়াৰ পৰিণতিত আনকি মৃত্যু পৰ্যন্ত হ’ব পাৰে৷ সেয়ে বৃক্ক ভালে ৰখাটো জৰুৰী৷ বৃক্ক এইবোৰ উপায়েৰে ভালে ৰাখিব পাৰি–

⬛ পৰ্যাপ্ত পৰিমাণে পানী খাওকঃ বৃক্ক ভালে ৰখাৰ বাবে প্ৰতিদিনে কমেও ৮-১০ গিলাছ পানী খোৱা উচিত৷ পৰ্যাপ্ত পৰিমাণে পানী নাখালে বৃক্কত পাত্থৰ হোৱাৰ আশংকা থাকে৷ ইয়াৰ পৰিণতিত কেতিয়াবা বৃক্ক বিকল পৰ্যন্ত হ’ব পাৰে৷

⬛ নিমখ কমাই খাওকঃ অতিৰিক্ত নিমখে বৃক্কৰ ক্ষতি কৰে৷ সেয়েহে নিমখ খোৱাৰ ক্ষেত্ৰত সতৰ্ক হ’ব লাগে৷ বৃক্ক সুস্থ ৰখাৰ বাবে অতিৰিক্ত নিমখ খোৱাৰ পৰা বিৰত থাকক৷

⬛ অতিৰিক্ত প্ৰ’টিন নাখাবঃ মাত্ৰাধিক প্ৰ’টিন থকা খাদ্য বৃক্কৰ বাবে ক্ষতিকাৰক৷ সেয়েহে বেছি প্ৰ’টিন থকা খাদ্য এৰাই চলক৷

⬛ ৰক্তচাপ স্বাভাৱিক মাত্ৰাত ৰখাৰ চেষ্টা কৰকঃ ৰক্তচাপ ১৪০/৯০১ ওপৰত থাকিলে বৃক্কজনিত সমস্যা সৃষ্টি হোৱাৰ আশংকা থাকে৷ সেয়েহে বৃক্ক ভালে ৰাখিবলৈ ৰক্তচাপ ১৩০/৮০ অথবা ইয়াৰ তলত ৰখাৰ চেষ্টা কৰক৷ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ পাৰিলে বাবে নিয়মীয়াকৈ শৰীৰ চৰ্চা কৰক৷

⬛ ডায়েবেটিছ নিয়ন্ত্ৰণত গুৰুত্বঃ ডায়েবেটিছত আক্ৰান্ত হ’লেও বৃক্কৰ বাবে সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ সেয়ে ডায়েবেটিছ থাকিলে চিকিৎসকৰ পৰামৰ্শ লওক৷ তেজত শৰ্কৰাৰ মাত্ৰা বাঢ়িলে বৃক্কৰ সমস্যা হ’বলৈ ধৰে৷

⬛ ঔষধ খোৱাৰ ক্ষেত্ৰত সতৰ্ক হওকঃ যিকোনো ৰোগত আক্ৰান্ত হ’লে ঔষধ খোৱাটো জৰুৰী যদিও কেতিয়াবা মাত্ৰাধিক ঔষধ সেৱনৰ ফলত বৃক্কৰ ক্ষতি হ’ব পাৰে৷ সেয়েহে ঔষধ খোৱাৰ ক্ষেত্ৰত বিশেষভাৱে সতৰ্ক হোৱা উচিত৷

⬛ প্ৰয়োজনতকৈ বেছি ভিটামিন নাখাবঃ এজন সুস্থ লোকৰ বাবে দৈনিক ৫০০ মিলিগ্ৰামতকৈ বেছি ভিটামিনৰ প্ৰয়োজন নাই৷ অত্যধিক ভিটামিনযুক্ত খাদ্য গ্ৰহণ কৰিলে বৃক্কত পাত্থৰ হোৱাৰ আশংকা থাকে৷ সেয়ে প্ৰয়োজনতকৈ বেছি ভিটামিন খোৱাৰ পৰা বিৰত থাকক৷

⬛ যিকোনো পানীয় নাখাবঃ বজাৰত উপলব্ধ বিভিন্নধৰণৰ পানীয় খোৱাৰ পৰাও বৃক্কৰ ক্ষতি হ’ব পাৰে৷ সেয়েহে তেনেধৰণৰ পানীয় খোৱাৰ পৰা বিৰত থাকক৷

⬛ ধূমপান আৰু সুৰাপানৰ অভ্যাস ত্যাগ কৰকঃ ধূমপান বা সুৰাপানৰ বাবেও বৃক্কই কাৰ্যক্ষমতা হেৰুৱাব পাৰে৷ ধূমপান বা সুৰাপানৰ ফলত বৃক্কলৈ তেজৰ সৰবৰাহ মন্থৰ হৈ পৰে৷ এনেকুৱা হ’লে বৃক্ক বিকল হোৱাৰ আশংকা থাকে৷

⬛ নিয়মীয়াকৈ বৃক্ক পৰীক্ষা কৰকঃ উচ্ছ ৰক্তচাপ, ডায়েবেটিছ, অতিৰিক্ত ওজন অথবা পৰিয়ালত বৃক্কজনিত সমস্যাৰ ইতিহাস থাকিলেও বৃক্ক ৰোগ হোৱাৰ আশংকা থাকে৷ সেয়ে বছৰত কমেও এবাৰ বৃক্ক পৰীক্ষা কৰা উচিত৷

You May Also Like

More From Author