এইবোৰ খাদ্যই দৃষ্টি শক্তি অটুট ৰখাত সহায় কৰে

1 min read

জিংক, তাম, ভিটামিন চি, ভিটামিন ই আৰু বিটা কেৰ’টিন চকুৰ বাবে পক্ষে খুবেই দৰকাৰী৷ আনহাতে অ’মেগা ৩ ফেটি এচিড, তাম, লুটিন আৰু জোন্থিন আদিও চকুৰ বাবে অতি গুৰুত্বপূৰ্ণ৷

মাছঃ অধিকাংশ মাছেই অ’মেগা ৩ ফেটি এচিডৰে সমৃদ্ধ৷ বিশেষকৈ তেলেতীয়া মাছত অ’মেগা ৩ বেছিকৈ থাকে৷ অ’মেগা ৩ সমৃদ্ধ মাছবোৰৰ ভিতৰত আছে টুনা, চালমন, ট্ৰাউট, মেকেৰেল, চাৰ্ডিন আদি৷ মাছ নিয়ামীয়কৈ খালে চকুজুৰিৰ দৃষ্টিশক্তি অটুট থাকে৷

মাহজাতীয় খাদ্যঃ বাদামত অ’মেগা ৩ ফেটি এচিড প্ৰচুৰ পৰিমাণে থাকে৷ বাদামত ভিটামিন ই থাকে, যিয়ে চকুক বিভিন্ন ক্ষতিৰ পৰা সুৰক্ষিত কৰিব পাৰে৷ বাদাম আৰু মাহজাতীয় শস্যৰ ভিতৰত আখৰ’ট, কাজু বাদাম, চিনা বাদাম, দাইল, আদি চকুৰ বাবে অতি উত্তম৷

সেউজীয়া পাচলিঃ শাক-পাচলি ভিটামিন চি-ৰ এক ভাল উৎস৷ সেয়ে শাক-পাচলি খালে চকুৰ দৃষ্টি শক্তি ভালে থাকে৷

গাজৰঃ গাজৰত ভিটামিন এ আৰু বিটা কেৰ’টিন থাকে৷ গাজৰত থকা ভিটামিন এট্ৰাষ্টেডৰ উৎসই দৃষ্টিশক্তি বৃদ্ধিত এক সহায় কৰে৷

পালেংঃ পালেং শাক চকুৰ বাবে অতি উপকাৰী৷ ইয়াত থকা পুষ্টিকৰ উপাদানে দৃষ্টিশক্তি অটুট কৰে৷

মিঠা আলুঃ মিঠা আলুতো বিটা কেৰোটিন থাকে৷ ই এণ্টিঅক্সিডেণ্ট ভিটামিন ইৰ এক অন্যতম উৎস যি চকুৰ বাবে অতি উত্তম৷

কণীঃ ভিটামিন চি, ই আৰু জিংকৰো অন্যতম উৎস কণী৷

পানী ঃ পানীয়েই প্ৰাণীৰ প্ৰাণ৷ শৰীৰটোক সুস্থকৈ ৰখাৰ ক্ষেত্ৰত পানীয়ে এক বিশেষ ভূমিকা পালন কৰে৷ পানী চকুৰ স্বাস্থ্যৰ বাবেও গুৰুত্বপূৰ্ণ৷ যথেষ্ট পৰিমাণে পানী খালে ‘ডিহাইড্ৰেচন’ প্ৰতিহত কৰে যাৰ ফলত শুকান চকুৰ লক্ষণ হ্ৰাস হ’ব পাৰে৷

You May Also Like

More From Author