পুৰুষেই হওক বা মহিলা, আয়ৰন সকলোৰে বাবে গুৰুত্বপূৰ্ণ৷ সু-স্বাস্থ্য বৰ্তাই ৰাখিবলৈ আয়ৰনৰ মাত্ৰা সঠিক ৰাখিব লাগিব৷ আয়ৰনৰ মাত্ৰা কমিলেই স্বাস্থ্যৰ সমস্যা আৰম্ভ হ’বলৈ ধৰে৷ সেয়ে আয়ৰনৰ মাত্ৰা সঠিক ৰাখিবলৈ এইবোৰ খাদ্য খাব পাৰে–
পালেং শাকঃ প্ৰ’টিন ভিটামিন-এ, ভিটামিন-চি আৰু এণ্টিঅক্সিডেণ্ট উপাদানযুক্ত পালেং শাকত প্ৰচুৰ পৰিমাণে আয়ৰন থাকে৷ এশ গ্ৰাম পালেং শাকৰ পৰা ২.৭ মিঃগ্ৰাঃ আয়ৰণ পোৱা যায়৷ সেয়ে বিশেষজ্ঞসকলে চালাড হিচাপে বাবে কম তেলত ৰন্ধা পালেং খাবলৈ পৰামৰ্শ আগবঢ়ায়৷
বাদামঃ শৰীৰত আয়ৰনৰ অভাৱ পূৰণ কৰাৰ ক্ষেত্ৰত বাদাম তথা সেউজীয়া পাচলিৰ বীজ অতি কাৰ্যকৰী৷ কোমোৰাৰ বীজৰ পৰা প্ৰচুৰ পৰিমাণে আয়ৰন পোৱা যায়৷ তদুপৰি কাজু বাদাম, আমণ্ড আদিৰ পৰা আয়ৰন পোৱা যায়৷ কাজু আৰু আমণ্ডত আয়ৰনৰ বাহিৰেও প্ৰ’টিন, ফাইবাৰ, ভিটামিন আৰু এণ্টিঅক্সিডেণ্ট থাকে৷
মাশ্বৰুমঃ মাশ্বৰুমত ভিটামিন-ডি আৰু ভিটামিন-বি থাকে৷ তদুপৰি মাশ্বৰুমে হতাশা আঁতৰ কৰাৰ লগতে মানসিক শক্তি বজাই ৰখাত সহায় কৰে৷ কেঁচা আৰু শুকান দুয়োবিধ মাশ্বৰুমে স্বাস্থ্যৰ বাবে উপকাৰী৷
বিনঃ হৃদৰোগ, কেন্সাৰ, ডায়েবেটিছ আদিৰ ক্ষেত্ৰত বিন খুবেই উপকাৰী৷ কিডনী বিন্ছে কলেষ্টেৰল নিয়ন্ত্ৰণত সহায় কৰে৷
ওটছঃ বহুতে ভোকত ওটছ খোৱা কৰে৷ ওটছে এনাৰ্জি বঢ়োৱাৰ লগতে আয়ৰনৰ অভাৱ দূৰ কৰাত সহায় কৰে৷
ডাৰ্ক চকলেটঃ ডাৰ্ক চকলেটৰ উপকাৰী গুণ বহুত৷ আয়ৰন আৰু এণ্টিঅক্সিডেণ্ট সমৃদ্ধ ডাৰ্ক চকলেটে উচ্ছ ৰক্তচাপ হ্ৰাস কৰাৰ লগতে এনাৰ্জি বঢ়ায়৷ তদুপৰি ই ছাল সতেজ কৰি ৰখাত সহায় কৰে৷