এছিয়ান গেমছৰ তৃতীয় দিনাও পদক অহা আৰম্ভ কৰিছে ভাৰতৰ। ১৭ বছৰীয়া কিশোৰী নেহা ঠাকুৰে আঁজুৰি আনিলে ৰূপৰ পদক। Dinghy – ILCA 4 কেটেগৰীত ১১ ৰেচৰ পিছত ২৭ পইণ্ট পালে নেহাই।
থাইলেণ্ডৰ নোপ্পাছোৰন খুনবোনজানে লাভ কৰে স্বৰ্ণপদক। তেওঁৰ পইণ্ট ১৬। ছিংগাপুৰৰ কেইৰা মাৰি কাৰ্লিয়েলে লাভ কৰে ব্ৰঞ্জৰ পদক। তেওঁ লাভ কৰে ২৮ পইণ্ট।
এয়া মঙলবাৰৰ প্ৰথম পদক আৰু ছেইলিঙৰ প্ৰথম পদক। ছেইলিঙত প্ৰতিযোগীৰ আটাইতকৈ বেয়া স্ক’ৰ মুঠ পইণ্টৰ পৰা বিয়োগ কৰি নেট স্ক’ৰ নিৰ্ধাৰণ কৰা হয়। সৰ্বনিম্ন নেট স্ক’ৰ যাৰ তেওঁকেই বিজয়ী ঘোষণা কৰা হয়।