এছিয়ান গেমছত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ স্বৰ্ণ অৰ্জন…

0 min read

ভাৰতে ফাইনেলত শ্ৰীলংকাক পৰাস্ত কৰি এছিয়ান গেমছৰ মহিলা ক্ৰিকেটত স্বৰ্ণপদক অৰ্জন কৰিছে। এছিয়ান গেমছৰ ক্ৰিকেট ইভেণ্টত প্ৰথমবাৰতে স্বৰ্ণপদক অৰ্জন কৰিলে ভাৰতীয় মহিলা ক্ৰিকেট দলে। ভাৰতৰ ১১৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি গৈ শ্ৰীলংকাই ২০ অভাৰত ৮ উইকেটত ৯৭ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। ভাৰতিৰ জয়ত বেগী বলাৰ তিতাছ সাধুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ ৪ অভাৰত ৬ ৰান দি ৩টা উইকেট দখল কৰে।

মেচখনত ভাৰতে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। দুখন মেচত নিষিদ্ধ হোৱাৰ পিছত অধিনায়ক হৰমনপ্ৰীত কৌৰ এই মেচখনৰ জৰিয়তে ভাৰতীয় দললৈ উভতি আহিছিল।

এছিয়ান গেমছত অংশগ্ৰহণ কৰি প্ৰথমবাৰতে ভাৰতীয় মহিলা ক্ৰিকেট দলে অৰ্জন কৰে স্বৰ্ণপদক। ক্ৰীড়া জগতৰ বাবে ইয়াতকৈ ভাল খবৰ আৰু কি হ’ব পাৰে!

ভাৰতৰ আৰম্ভণি সন্তোষজনক নাছিল। শেফালী বৰ্মাই ৯ ৰান কৰা আউট হৈছিল। অৱশ্যে দ্বিতীয় স্থানত বেটিং কৰা স্মৃতি মান্ধানাই তৃতীয় স্থানত বেটিং কৰিবলৈ অহা জেমিমা ৰোড্ৰিগ্ছৰ সৈতে সুন্দৰ যুটী বান্ধে। দুয়ো ৬৭ বলত ৭৩ ৰানৰ ইনিংছ খেলে। মান্ধানা ৮৯ ৰানত আউট হোৱাৰ পিছত এটাৰ পিছত আনটো উইকেট পৰিবলৈ লয়। অধিনায়ক হৰমনপ্ৰীত কৌৰে ২, ৰিচা ঘোষে ৯ ৰান, পূজা বস্ত্ৰকাৰে ২ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

জেমিমায়ো ৪২ ৰানত আউট হয়। শেষত ২০ অভাৰত ভাৰতে ৭ উইকেটত ১১৬ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। শ্ৰীলংকাৰ হৈ সুংগধিকা কুমাৰীয়ে ২টা, ইনোকা ৰানাৱিৰাই দুটা উইকেট দখল কৰে।
১১৭ ৰানৰ লক্ষ্য অনুসৰণ কৰা খেলপথাৰত নমা শ্ৰীলংকা দলৰো আৰম্ভণি সুখজনক নাছিল। ১৪ ৰানত তিনিটা উইকেট হেৰুৱাই দলটোৱে। তিতাছ সাধুৱে দখল কৰে প্ৰথম তিনিটা উইকেট। ইয়াৰ পিছত অৱশ্যে হাছিনী পৰেৰা আৰু নিলাক্ষী ডিছিল্ভাই চতুৰ্থ উইকেটত ৩৩ বলত ৩৬ ৰানৰ ইনিংছ খেলে। কিন্তু ৰাজেশ্বৰী গায়কোৱাৰে হাছিনীৰ উইকেত দখল কৰে সেই যুটী ভংগ কৰে।

অৱশেষত ২০ অভাৰত শ্ৰীলংকাই শতকৰ ঘৰো স্পৰ্শ কৰিব নোৱাৰিলে। শ্ৰীলংকাক অন্তিম অভাৰত জয়ৰ বাবে প্ৰয়োজন হৈছিল ২৫ ৰান। কিন্তু ৰাজেশ্বৰীয়ে কেৱল ৫ ৰান দি উইকেট দখল কৰে। যাৰ ফলত ১৯ ৰানত জয়লাভ কৰে ভাৰতে।

You May Also Like

More From Author