এতিয়াৰ পৰা তই মোৰ মা” এইবুলি দেউতাকে অপকৰ্ম কৰা পত্নীক ঘৰৰ পৰা চোঁচৰাই উলিয়াই দিলে স্বামীয়ে

1 min read

“দেউতাই ধৰ্ষণ কৰাৰ পাছত তই আৰু মোৰ পত্নী হৈ থকা নাই। এতিয়াৰে পৰা তই মোৰ মাতৃ”, এইবুলি যুৱকে চুলিত ধৰি চোঁচৰাই ঘৰৰ পৰা উলিয়াই দিলে পত্নীক। পুত্ৰৰ কাণ্ড দেখি ৰৈ নাথাকিল ধৰ্ষণকাৰী পিতৃ।

 

মহিলাৰ বিলৈ। যেন মহিলা হৈ জন্ম হোৱাটোৱেই অপৰাধ! একবিংশ শতিকাতো নিৰাপত্তা নাই মহিলাৰ। আনকি ঘৰতো সুৰক্ষিত নহয় এগৰাকী বিবাহিতা নাৰী। শহুৰেকৰ ধৰ্ষণৰ বলি হোৱা মহিলাক স্বামীয়ে ঘৰৰ পৰা খেদি দিয়া ঘটনা পোহৰলৈ অহাৰ পাছতে মহিলাৰ নিৰাপত্তাক লৈ উত্থাপন হৈছে প্ৰশ্নৰ।

ঘটনাটো উত্তৰ প্ৰদেশৰ মুজফৰনগৰৰ। আগষ্টৰ ৫ তাৰিখৰ ঘটনা। সেইদিনা শাহুৱেকক চিকিৎসাৰ বাবে কবিৰাজক দেখুৱাবলৈ নিছিল স্বামীয়ে। ঘৰত শহুৰেকৰ সৈতে আছিল ৭ মাহৰ গৰ্ভৱতী বোৱাৰীয়েক। ঘৰত অকলে পাই বোৱাৰীয়েককে ধৰ্ষণ কৰিলে পিশাচ শহুৰেকে। এই কথা কাৰোবাক ক’লে পৰিণতি ভয়ংকৰ হ’ব বুলিও ভাবুকি দিলে পিশাচটোৱে। কিন্তু শহুৰেকৰ ভাবুকিত ভয় নাখালে মহিলাগৰাকীয়ে। স্বামী ঘৰ পোৱাৰ পাছতে শহুৰেকৰ কাণ্ড কাৰখানা পুংখানুপুংখকৈ বৰ্ণনা কৰিলে স্বামীক। পাছে মহিলাৰ কথা শুনি ৰূদ্ৰমূৰ্তি ধৰিলে স্বামীয়ে।

পত্নীক সহায় কিম্বা দেউতাকক ককৰ্থনাৰ কোনো এটাও নকৰিলে স্বামীয়ে। বিপৰীতে “দেউতাই ধৰ্ষণ কৰাৰ পাছত তই আৰু মোৰ পত্নী হৈ থকা নাই। এতিয়াৰে পৰা তই মোৰ মাতৃ”, এইবুলি যুৱকে চুলিত ধৰি চোঁচৰাই ঘৰৰ পৰা উলিয়াই দিলে পত্নীক। পুত্ৰৰ কাণ্ড দেখি ৰৈ নাথাকিল ধৰ্ষণকাৰী পিতৃ। পুত্ৰৰ দৰে পিতৃয়েও মাৰধৰ কৰি খেদি পঠালে মহিলাক। উপায় নাপাই পিতৃগৃহত আশ্ৰয় ল’লে ভুক্তভোগী মহিলাই। তাৰপাছত আৰম্ভ হ’ল পিতা-পুত্ৰৰ মানসিক নিৰ্যাতন। ধৰ্ষণৰ কথা ৰাজহুৱা কৰিলে ৭ মাহৰ গৰ্ভৱতী মহিলাগৰাকীৰ বিষম পৰিণতিৰ কথা সকিয়ালে পিতা-পুত্ৰই।

কিন্তু তাৰপাছতো সাহস নেহেৰুৱাই ৭ ছেপ্তেম্বৰত আৰক্ষীৰ কাষ চাপিল মহিলা। ভুক্তভোগীৰ এজাহাৰৰ আধাৰত ইতিমধ্যে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬/৩২৩/৫০৬ ধাৰাত অভিযুক্ত শহুৰ আৰু স্বামীৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। লগতে আদালতত CrPCৰ ১৬৪ ধাৰাত লিপিবদ্ধ কৰিছে ভুক্তভোগী মহিলাৰ ভাষ্য।
২০০৫ চনতো উত্তৰ প্ৰদেশত সংঘটিত হৈছিল অনুৰূপ ঘটনা। সেইবাৰ শহুৰেকে ধৰ্ষণ কৰা ২৮ বছৰীয়া মহিলাক স্বামীৰ সৈতে থকাত বাধা দিছিল পঞ্চায়তে। লগতে স্বামীক পুত্ৰ হিচাপে গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল ধৰ্ষণৰ ভুক্তভোগী মহিলাক। পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ এনে ভয়ংকৰ ঘটনাই পুনৰ জোঁকাৰিছে উত্তৰ প্ৰদেশৰ মুজফৰপুৰক।

 

You May Also Like

More From Author