কি হ’ল এমি জেকছনৰ? কিয় চৰ্চাত মোহময়ী অভিনেত্ৰী এমি জেকছন?

1 min read

চৰ্চাত বলীউড অভিনেত্ৰী এমি জেকছন। ভাৰতীয় চিনেমাত অভিনয়ৰ বাবে সুপৰিচিত ব্ৰিটিছ মডেল তথা অভিনেত্ৰী এমি জেকছনে শেহতীয়াকৈ চেহেৰাৰ পৰিৱৰ্তনৰ বাবে চৰ্চাৰ তুংগত। শেহতীয়াকৈ চেহেৰাৰ পৰিৱৰ্তনৰ পিছত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এমিৰ নতুন ৰূপ দেখি একাংশই এমিক আইৰিছ অভিনেতা চিলিয়ান মাৰ্ফীৰ দৰে সাইলাখ একেই দেখা হৈছে বুলি ছ’চিয়েল মিডিয়াত মন্তব্য কৰিছে। বহুতে এমি আৰু চিলিয়ান মাৰ্ফীৰ ফটো সংযোগ কৰি ছ’চিয়েল মিডিয়াতো ভাইৰেল কৰিছে। এমি আৰু চিলিয়ানৰ যিখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে তাত দেখা গৈছে এমিৰ পৰিৱৰ্তিত চেহেৰ। য’ত গালৰ ওখ হাড় আৰু উজ্জ্বল চকু সাইলাখ চিলিয়ান মাৰ্ফীৰ দৰে দেখা হৈছে।

এমি জেকছনৰ নতুন ৰূপঃ
এমি জেকছনে তেঁওৰ চেহেৰাটো সঠিকভাৱে কিয় সলনি কৰিলে সেয়া বৰ্তমানো স্পষ্ট কৰা নাই। কিন্তু প্ৰসাধন সামগ্ৰীৰ অত্যাধিক ব্যৱহাৰৰ বাবেই বা অস্ত্ৰোপচাৰৰ বাবেই এমিৰ এই নতুন ৰূপ বুলি অনুমান কৰিছে অনুগামীসকলে। কিন্তু এমি জেকছন তথা তেঁওৰ কোনো কৰ্মচাৰীয়ে বৰ্তমানলৈকে কোনো সঠিক তথ্য ৰাজহুৱা কৰা নাই। সামাজিক মাধ্যমত দেখা গৈছে যে অনুগামীসকলে এমিৰ নতুন ৰূপৰ কথা কোৱাৰ সময়তো জেকছনে নিজৰ কৰ্ম আৰু ব্যক্তিগত জীৱনৰ ওপৰতে মনোযোগ দিছে। বৰ্তমান এমিয়ে গছিপ গাৰ্লৰ তাৰকা এড ৱেষ্টউইকৰ সৈতে উদয়পুৰত ছুটী তথা অৱসৰ বিনোদনত ব্যস্ত থকা দেখা গৈছে। দুয়োৰে ফটো শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰামত। উল্লেখ্যযে মোহময়ী অভিনেত্ৰীগৰাকীয়ে “দ্য স্নেহা চাৰ্গাৰ অৰ্ফানেজ ফৰ গাৰ্লছ”কে ধৰি বহু সংস্থাক সমৰ্থন কৰি আহিছে। এমিয়ে ২০১৬ৰ পৰা পেটাক সমৰ্থন কৰি অহা দেখা গৈছে।

 

View this post on Instagram

 

A post shared by Amy Jackson (@iamamyjackson)


এমি জেকছনৰ প্লাষ্টিক চাৰ্জাৰী হৈছে নেকি?

২৫ বছৰীয়া ব্ৰিটিছ সুন্দৰীগৰাকীয়ে সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বলীউডত খোজ পেলাবলৈ সক্ষম হৈছিল। বহু কেইখন দক্ষিণ ভাৰতীয় ছবিত অভিনয় কৰি সফলতাৰ মুখ দেখা এমিয়ে ‘SINGH IS BLIING’, ‘I’, ROBOT 2.0, EKK DEEWANA THA, THERI আদি বহুকেইখন সফল ছবিত অভিনয় কৰি নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আমেৰিকাৰ টেলিভিছনত কৰা কামৰ বাবেও এমিয়ে অধিক স্বীকৃতি লাভ কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু এমিৰ নতুন ৰূপ দেখি অনুৰাগীয়ে সন্দেহ কৰিছে যে এমি জেকছনৰ প্লাষ্টিক চাৰ্জাৰী হৈছে। কাৰণ এমি জেকছনৰ অসাধাৰণ সৌন্দৰ্য্য স্পষ্ট হ’লেও কিছুমান মানুহে লক্ষ্য কৰিছে এমিৰ মুখমণ্ডলৰ বৈশিষ্ট্যবোৰ অধিক স্পষ্ট হৈ পৰিছে। আনকি অভিনেত্ৰীগৰাকীৰ স্তন ইমপ্লাণ্ট কৰা হ’ব বুলিও আনে ইংগিত দিছিল। অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলে অৱশ্যে কয় যে জেকচন স্বাভাৱিকতে ধুনীয়া আৰু কোনো ধৰণৰ প্ৰসাধন পদ্ধতিৰ প্ৰয়োজন নাই। কিন্তু প্লাষ্টিক চাৰ্জাৰীৰ উৰা বাতৰিকো নস্যাৎ কৰিছিল এমি জেকছনে।
বৰ্তমান অৰুণ বিজয়ৰ ছবি মিছন চেপ্টাৰ-১ত অভিনয় কৰা এমিৰ কাম সম্পূৰ্ণ হৈছে। ২০১৯ চনত ব্ৰিটিছ ব্যৱসায়ী জৰ্জ পানায়’ টৌৰ প্ৰেমত পৰাৰ পিছত এমি জেকচনৰ সৈতে এংগেজমেণ্ট হৈছিল। ইয়াৰ পাছতেই এটি সন্তান আহিছিল দুয়োৰে জীৱনলৈ। কিন্তু কিছুদিনৰ পিছতেই দুয়োৰে বিবাহ বিচ্ছেদ ঘটে। ইয়াৰ পিছতে হলীউডৰ অভিনেতা এড ৱেষ্টউইকৰ প্ৰেমত পৰে এমি জেকছন। বৰ্তমান চিনেমাত অভিনয় কৰাৰ উপৰিও এমি জেকচনে মডেলিঙৰ জগতখনতো নিজতে ব্যস্ত ৰাখিঠে। ইয়াৰ মাজতে মিলান ফেশ্বন উইকতো অংশ লৈ নতুন ৰূপত চমক দিছিল অভিনেত্ৰীগৰাকীয়ে।

ছ’চিয়েল মিডিয়াত এমি জেকছনৰ নতুন ৰূপ এতিয়া ট্ৰেণ্ডিঙত আছে। বহু তামিল অনুৰাগীয়ে এমিৰ মেকঅভাৰক আক্ৰমণ কৰি কৈছে ক্রিষ্টোফাৰ নোলানৰ অপেনহাইমাৰ ছবিত চিলিয়ান মাৰ্ফীৰ অভিনয়ৰ সৈতে মিল আছে এমিৰ। মনত ৰখাটো উচিত যে ইটালীৰ মিলানত প্ৰতি বছৰে মিলান ফেশ্বন উইক অনুষ্ঠিত হয়। ইয়াত অংশগ্ৰহণ কৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ মডেল, ফেশ্বন ডিজাইনাৰ, চেলিব্ৰিটিসকলে। হয়তো এমিক মিলান ফেশ্বন উইকত এই নতুন ৰূপত দেখা যাব পাৰে বুলি অনুৰাগীৰ ধাৰণা।

You May Also Like

More From Author