কোকৰাঝাৰৰ জয়পুৰ মংগোঝোৰা আঞ্চলিক মধ্য ইংৰাজী আৰু হাইস্কুল খেলপথাৰত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপিত হয় প্ৰথম আদিৱাসী শান্তিচুক্তি দিৱস । ২০২২ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ১৫ ছেপ্টেম্বৰত নতুন দিল্লীত আদিৱাসী বিদ্ৰোহী সংগঠন ক্ৰমে আনলা, আপা, বীৰছা, কোব্ৰা আৰু এচটিএফৰ ৮টা গোটৰ নেৰ্তৃবৰ্গৰ সৈতে ৰাজ্যচৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ঐতিহাসিক শান্তি চুক্তি স্বাক্ষৰিত হৈছিল। ইয়াৰ পিছতে শান্তি চুক্তিত স্বাক্ষৰকাৰী ১৬ গৰাকী সদস্যক লৈ আদিৱাসী কল্যাণ আৰু উন্নয়ন পৰিষদ গঠন হৈছিল আৰু যোৱা ০৬ জুলাইত শপতগ্ৰহণ অনুষ্ঠান সম্পন্ন হৈছিল।
আদিৱাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উদ্যোগতে শুকুৰবাৰে জয়পুৰ মংগোঝোৰা আঞ্চলিক মধ্য ইংৰাজী আৰু হাইস্কুল খেলপথাৰত দিনজোৰা কাৰ্যসূচীৰে প্ৰথম আদিৱাসী শান্তিচুক্তি দিৱস উদযাপন কৰা হয়। ৰাতিপুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পনেৰে আৰম্ভ কৰা উক্ত অনুষ্ঠানত বিয়লি অনুষ্ঠিত হয় মুকলি সভা। কেইবা সহস্ৰাধিক আদিৱাসী আবাল -বৃদ্ধ -বণিতা জনতাৰ উপস্থিতিত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা। আদিৱাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ মুখ্য কাৰ্যবাহী দূৰ্গা হাসদাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত আদিৱাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ সকলো সদস্য, কমতাপুৰ স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মন আদিকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰে ।
আনহাতে প্ৰথম আদিৱাসী শান্তিচুক্তি দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকি ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই সংবাদ মাধ্যমৰ আগত আদিবাসীক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰিলে চৰকাৰৰ কোনো অসুবিধা নহয় বুলি মন্তব্য কৰে। তেওঁ কয় যে, বহু জাতিয়ে জনজাতি হৈ আছে , তাৰ লগত আৰু ২০ – ২৫ লাখ মানুহ জড়িত হ’লে চৰকাৰৰ কোনো ক্ষতি নহয়। জনজাতিকৰণৰ সতে জড়িত থকা আইনী মেৰপেছবোৰ পৰীক্ষা কৰি থকা হৈছে। আদিবাসী জনজাতি পোৱাৰ ক্ষেত্ৰত আমি আশাবাদী বুলি মন্তব্য কৰি কামাখ্যা প্ৰসাদ তাছাই জনজাতিকৰণ হলে আদিৱাসীয়ে ভূমিৰ অধিকাৰকে ধৰি আন অধিকাৰসমুহ লাভ কৰিব বুলি মন্তব্য কৰে।
আনহাতে অনুষ্ঠানত উপস্থিত থকা আদিৱাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ উপাধ্যক্ষ সুভাষ তিৰ্কী ওৰফে বীৰসিং মুণ্ডাই কয় যে, আদিৱাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ কাম-কাজ সম্পূৰ্ৰূপে আৰম্ভ হোৱা নাই যদিও আদিৱাসীৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে কাম কাজ কৰিবলৈ সাজু হৈছে। সৰ্বাংগীন উন্নয়নৰ বাবে পুঁজিৰ দৰকাৰ আৰু সেয়া চৰকাৰে চুক্তি অনুসৰি যোগান ধৰিব বুলি মন্তব্য কৰিছে । তদুপৰি আদিৱাসী শান্তি চুক্তিৰ ক্ষেত্ৰত তথা আদিৱাসীৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকাক প্ৰশংসা কৰে ।
আদিৱাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ মুখ্য কাৰ্যবাহী দূৰ্গা হাসদাই সংবাদমাধ্যমৰ আগত আদিৱাসী শান্তি চুক্তি ৰূপায়ন হ’লে আদিৱাসীৰ ৯৯ শতাংশ সমস্যাই সমাধান হ’ব বুলি মন্তব্য কৰিছে। চুক্তি ৰূপায়নত পলম হোৱাৰ কাৰণ সন্দৰ্ভত সাংবাদিকে কৰা এক প্ৰশ্নত্তোৰত তেওঁ কয় যে, চুক্তি ৰূপায়নত অলপ সময় লাগিবই আৰু চৰকাৰে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব । আদিৱাসী কল্যাণ আৰু উন্নয়ন পৰিষদে গৰীৱ -দুখী আদিৱাসী জনতাৰ বাবে কাম কৰিব আৰু ছাত্ৰ -ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে কাম কৰিব বুলি মন্তব্য কৰিছে দূৰ্গা হাসদাই।
ইপিনে অহা লোকসভা নিৰ্বাচনত কোন দলক সমৰ্থন কৰিব বুলি সোধা এক প্ৰশ্নত্তোৰত দূৰ্গা হাসদাই “আমি চৰকাৰৰ সতে আছো” বুলি আওপকীয়াকৈ বিজেপি দলক সমৰ্থন কৰাৰ কথা প্ৰকাশ কৰে আদিৱাসী কল্যাণ আৰু উন্নয়ন পৰিষদৰ মুখ্য কাৰ্যবাহী দূৰ্গা হাসদাই ।