আপেল স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ ই পুষ্টি গুণৰ ভঁৰাল৷ সেয়েহে বিশেষজ্ঞসকলে প্ৰতিদিনে এটাকৈ আপেল খোৱাৰ পৰামৰ্শ দিছে৷ খালী পেটতে এটাকৈ আপেল খালে বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পাৰি৷ আপেলত প্ৰটিন, আইৰণ, ফাইবাৰ, কেলছিয়াম, প’টাছিয়াম আৰু এণ্টিঅক্সিডেণ্ট থাকে৷ যাৰ বাবে নিয়মীয়াকৈ আপেল খোৱাৰ অভ্যাস কৰিলে শৰীৰত হ’ব পৰা বিভিন্ন ৰোগৰ পৰা হাত সাৰিব পাৰি৷
খালী পেটতে এটাকৈ আপেল খালে হজম শক্তি বৃদ্ধি পায়৷ তদুপৰি কোষ্ঠকাঠিন্য সমস্যাৰ পৰা হাত সাৰিব পাৰি৷
নিয়মীয়াকৈ খালী পেটত আপেল খালে শৰীৰৰ ওজন নিয়ন্ত্ৰণত থাকে৷ অস্বাভাৱিকভাৱে শৰীৰৰ ওজন বৃদ্ধি পালে আপেল খোৱাৰ ফলত সহজেই স্বাভাৱিক মাত্ৰালৈ আহে৷
আপেল নিয়মীয়াকৈ খালে হৃদযন্ত্ৰ সুস্থ হৈ থাকে৷ পুৱাতেই এটাকৈ আপেল খালে শৰীৰত থকা বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পায় আৰু ই হৃদযন্ত্ৰৰ ক্ৰিয়া স্বাভাৱিক কৰি ৰখাত সহায় কৰে৷
খালী পেটতে এটাকৈ আপেল খালে ৰক্তহীনতা সমস্যা দূৰ হয়৷ হিমগ্লবিনৰ মাত্ৰা বৃদ্ধি কৰাত ই সহায় কৰে৷
আপেল নিয়মীয়াকৈ খালে হাড় শক্তিশালী কৰাত সহায় কৰে৷ আপেলত প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে৷ পুৱা নিয়মীয়াকৈ এটাকৈ আপেল খালে শৰীৰত কেলছিয়ামৰ পৰিমাণ অটুট থাকে৷ ইয়াৰ ফলত হাড় শক্তিশালী হোৱাৰ লগতে গাঁঠিৰ বিষত উপশম পাব পাৰি৷ আনহাতে, ডায়েবেটিছ ৰোগত আক্ৰান্তসকলে আপেল বেছিকৈ খাব নালাগে৷