গীতাৰ দ্বিতীয় অধ্যায়ৰ শ্লোক আৰু অসমীয়া ভাঙনি

1 min read

গীতাৰ দ্বিতীয় অধ্যায়ৰ শ্লোক ক্ৰমে -৩৬ -৪৪

সদায় পাঠ কৰিলে মনোবল বৃদ্ধি হয়। নিজে পাঠ কৰাৰ লগতে ঘৰৰ সকলোৱে পাঠ কৰিলে গৃহৰ পৰা নাকাৰাত্মক ভাব দূৰ হয়। এই শ্লোক কেইটাৰ ধ্বনিত বহুত সাকাৰাত্মক উৰ্জা আছে।

अवाच्यवादांश्च बहून् वदिष्यन्ति तवाहिताः।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम्।। ৩৬।।

অসমীয়াত–

অবাচ্যবাদাংশ্চ বহুন্ বদিষ্যন্তি তবাহিতাঃ।

নিন্দস্তস্তব সামর্থ্যং ততো দুঃখতৰং নু কিম।। ৩৬।।

অৰ্থাৎ-

তোমাৰ শত্ৰুৱে তোমাৰ সামৰ্থ দেখি নিন্দা কৰি বহুত নকব লগীয়া কথা কব । তাতোকৈ আৰু দুখৰ কথা কিবা আছেনে । (৩৬)

हतो व प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम्।

तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः।।৩৭।।

অসমীয়াত–

হতো বা প্রাপ্স্যসি স্বর্গং জিত্বা বা ভোক্ষ্যসে মহীম্।

তস্মাদুত্তিষ্ঠ কৌন্তেয় যুদ্ধায় কুতনিশ্চয়ঃ।।৩৭।।

অৰ্থাৎ-

হয়তো তুমি যুদ্ধত মৰি গৈ তোমাৰ স্বৰ্গ প্ৰাপ্তি হব নহলে এই সংগ্ৰামত বিজয়ী হৈ পৃথিবীত ৰাজ্য ভোগ কৰিবা । হে কৌন্তেয় ! সেয়ে তুমি যুদ্ধ কৰিবলৈ দৃঢ় ভাবে উঠা। (৩৭)

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ।

ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि।।৩৮।।

অসমীয়াত–

সুখদুঃখে সমে কৃত্বা লাভালাভ্যে জয়াজয়ৌ।

ততো যুদ্ধায় যুজ্যস্ব নৈবং পাপমবাপ্স্যসি।।৩৮।।

অৰ্থাৎ–

জয় পৰাজয়, লাভ হানি আৰু সুখ দুখ সমান বুলি ধৰি লৈ কৰ্তব্য বুলি সাজু হোৱা। এই ভাবি যুদ্ধ কৰিলে তোমাৰ পাপ নহয়। (৩৮)

एषा तेऽभिहिता सांख्ये बुद्धिर्योगे त्विमां श्रृणु।

बुद्धया युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि।।৩৯।।

অসমীয়াত–

এষা তেহভিহিতা সাংখ্যে বুদ্ধির্যোগে ত্বিমাং শৃণু।

বুদ্ধা যুক্তো যয়া পার্থ কর্মবন্ধং প্রহাস্যসি।।৩৯।।

অৰ্থাৎ-

হে পাৰ্থ ! মই তোমাক সংখ্য যোগৰ কথা কৈছো । এতিয়া শুণা মই বুদ্ধি যোগৰ কথা কওঁ। যেতিয়া তুমি বুদ্ধি যোগ অৰ্থাৎ জ্ঞানৰ দ্বাৰা কাম কৰিবা তেতিয়া কৰ্মৰ দাসত্বৰ পৰা মুক্ত হ’বা। (৩৯)

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते।

स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात्।।৪০।।

অসমীয়াত–

নেহাভিত্রুমনাশোহস্তি প্রত্যবায়ো ন বিদ্যতে।

স্বল্পমপ্যস্য ধর্মস্য ত্রায়তে মহতো ভয়াৎ।।৪০।।

অৰ্থাৎ–

এই চেতনাৰে যদি কাম কৰা তেন্তে কোনো ক্ষতি নাই আৰু কোনো দোষ নহয়। আনহাতে এই জ্ঞানেৰে অলপ মান কৰিলেই ডাঙৰ বিপদৰ পৰা ৰক্ষা পৰিবা ।(৪০)

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन।

बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम्।।৪১।।

অসমীয়াত–

ব্যবসায়াত্মিকা বুদ্ধিৰেকেহ কুৰুনন্দন।

বহুশাখা হ্যনন্তাশ্চ বুদ্ধয়োহব্যবসায়িনাম্।।৪১।।

অৰ্থাৎ-

হে কুৰু নন্দন ! এই বুদ্ধিযোগত দৃঢ়তাৰে গ’লে পথ এটাই। কিন্তু অস্থিৰ মনৰ বুদ্ধিৰ পৰা বহুত শাখা প্ৰশাখা ওলাব । (৪১)

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः।

वेदवादरताः पार्थ नान्यदस्तीति वादिनः।।৪২।।

অসমীয়াত–

যামিমাং পুষ্পিতাং বাচং প্রবদন্ত্যবিপশ্চিতঃ

বেদবাদৰাতাঃ পার্থ নান্যদন্তীতি বাদিনঃ।।৪২।।

कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम्।

क्रियाविशेषबहुलां भोगैश्वर्गतिं प्रति।।৪৩।।

অসমীয়াত–

কামাত্মানঃ স্বর্গপৰা জন্মকর্মফলপ্রদাম্।

ক্রিয়াবিশেষবহুলাং ভোগৈশ্বর্যগতিং প্রতি।।৪৩।।

भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम्।

व्यवसायात्मिका बुद्धिः समाधौ न विधीयते।।৪৪।।

অসমীয়াত–

ভোগৈশ্বর্যপ্রসক্তানাং তয়াপহৃতচেতসাম্।

ব্যবসায়াত্মিকা বুদ্ধিঃ সমাধৌ ন বিধীয়তে।।৪৪।।

অৰ্থাৎ–

হে অৰ্জুন , যি ভোগত তন্ময় হৈ থাকে , যি কৰ্ম ফল বুলি বেদ বাক্যলৈ আকৰ্ষিত হয় , যাৰ বুদ্ধিত কেৱল স্বৰ্গ প্ৰাপ্তিয়েই কাম্য, যাৰ কাৰণে স্বৰ্গ বাদ দি একো বস্তুৱেই নাই । সেই বিবেকহীন জনে কেৱল সুন্দৰ কথাৰে কয় জন্মৰূপ কৰ্ম ফলৰ পৰা হব আৰু ভোগ আৰু ঐশ্বৰ্য্য প্ৰাপ্তিৰ বাবে বহুত ক্ৰিয়া কৰ্মৰ কথা কয় , সেই বাণীৰ দ্বাৰা যিজনৰ চিত্ত সলনি কৰি ভোগ আৰু ঐশ্বৰ্য্যৰ প্ৰতি আসক্তি কৰে তেওঁলোকে পৰমাত্মা প্ৰাপ্তিৰ পথত সফল হব নোৱাৰে । (৪২,৪৩,৪৪ )

You May Also Like

More From Author