অসম আৰক্ষীৰ (Assam Police) শীৰ্ষ মহল কঠোৰ হৈ পৰাৰ পাছতে বহুচৰ্চিত চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তই অৱশেষত আজি পুৱা শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে। কেইদিনমান পূৰ্বলৈকে যিখন জিলাৰ শীৰ্ষ আৰক্ষী বিষয়া হিচাপে দপদপাই আছিল, শুভলক্ষ্মী দত্ত আজি সেইখন জিলাৰে কাৰাগাৰৰ অন্ধকাৰ কোঠৰীত বন্দী হ’ব লগা হ’ল। পাঁচ দিনৰ পূৰ্বে গুৱাহাটীস্থিত শিৱসাগৰৰ এগৰাকী বহু বিতৰ্কিত প্ৰাক্তন বিধায়কৰ ফ্লেটত আশ্ৰয় লৈ থকা অৱস্থাত শিৱসাগৰ আৰক্ষীৰ বেহু ফালি এইগৰাকী কলংকৃত আৰক্ষী বিষয়াই পলায়ন কৰাৰ পিছতেই অধিক কঠোৰ হৈ পৰিছিল অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয় ৷
উল্লেখযোগ্য যে, ১৫ ঘন্টাৰ পূৰ্বে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিঙে শুভলক্ষ্মী দত্তই আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ নকৰিলে পলাতক ঘোষণা কৰি সম্পত্তি বাজেয়াপ্ত কৰা হব বুলি কঠোৰ ডেডলাইন বান্ধি দিয়াৰ পিছতেই এইগৰাকী কলংকৃত আৰক্ষী বিষয়াই আজি পুৱা আত্মসমৰ্পণ কৰে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত। এক অজ্ঞাত স্থানৰ পৰা এখন টিয়াগো গাড়ীৰে এগৰাকী ভগ্নীৰ সৈতে আজি পুৱা প্ৰায় চাৰে ন মান বজাত শুভলক্ষ্মী দত্তই দোপাত্তাই দি মুখ বান্ধি প্ৰৱেশ কৰিছিল ৷
গেটৰ সন্মুখতেই ভগ্নীৰ সৈতে নামি দৌৰি অধীক্ষকৰ কাৰ্য্যালয়ত প্ৰৱেশ কৰাৰ পিছতেই আঁতৰি গৈছিল শুভলক্ষ্মীক অজ্ঞাত স্থানৰ পৰা কঢ়িয়াই অনা বাহনখন। প্ৰথম অৱস্থাত সমগ্ৰ ৰাজ্য তোলপাৰ কৰি ৰখা শুভলক্ষ্মী দত্তই শিৱসাগৰত আত্মসমৰ্পণ কৰাৰ কথা কোনেও ভূকে পোৱা নাছিল যদিও প্ৰায় আধা ঘন্টাৰ পিছতেই ৰাষ্ট্ৰ হৈ পৰে এই খবৰ ৷ ২০১৯ চনত এইটো শিৱসাগৰ জিলা আৰক্ষী কাৰ্য্যালয়ৰ পৰাই এগৰাকী বিতৰ্কিত ৰাজনীতিকৰ আশীৰ্বাদ শিৰত লৈ গৃহৰক্ষী জোৱানৰ পৰা দেহৰক্ষীলৈকে বৰ্বৰ অত্যাচাৰ চলাই যোৱা অহংকাৰী আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই আজি মুখ ঢাকি দৌৰি দৌৰি কাৰ্য্যালয়ত প্ৰৱেশ কৰাৰ ঘটনাই আন এক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
আনহাতে, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙেও টুইট যোগে নাজিৰা চেপ্টাৰ ক্লজ বুলি ঘোষণা কৰাৰ পিছতেই আত্মসমৰ্পণ কৰা শুভলক্ষ্মীক লৈ তৎপৰতা আৰম্ভ হয় আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত। আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাৰ লগতে আটাইকেইগৰাকী শীৰ্ষ বিষয়াৰ উপস্থিতিত প্ৰায় তিনিঘন্টা ধৰি চলোৱা জেৰাৰ অন্তত উপস্থিত হোৱা নাজিৰা আৰক্ষীৰ এটা দলে কটকটীয়া নিৰাপত্তাৰ মাজেৰে নাজিৰালৈ ৰাওনা হয় ৷
উল্লেখ্য যে, বিগত ২৫ আগষ্ট তাৰিখে অনিমা প্ৰজা নামৰ লক্ষীমপুৰ জিলাৰ বনকৰা মহিলা গৰাকীয়ে শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে নাজিৰা আদৰ্শ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ৩৬/ ২০২৩ নম্বৰৰ গোচৰৰ বিপৰীতে ৩২৪/ ৩৪২ নম্বৰৰ দুটা লঘূ শাস্তিৰ ধাৰা সংযোজন কৰিছিল। কিন্তু আদিবাসী ছাত্ৰ সংগঠন, মজদুৰ সংগঠন, বীৰ লাচিত সেনাৰ লগতে বিভিন্ন দল সংগঠনে এই বৰ্বৰ ঘটনাৰ বিৰুদ্ধে কঠোৰ ধাৰা বলবৎ কৰাৰ দাবীত অবিৰত প্ৰতিবাদ অব্যাহত ৰাখিছিল।
কিন্তু শেহতীয়াকৈ অসম আৰক্ষীয়ে উজনি অসমৰ ডি আই জিৰ ক্ষেত্ৰ ভিত্তিক এক প্ৰতিবেদনৰ ভিত্তিত নতুনকৈ দুটা কঠোৰ ধাৰা সংযোজন কৰিছিল। যাৰ পৰিপ্ৰেক্ষিত্তত আজি নাজিৰা আদৰ্শ আৰক্ষী থানাই ভাৰতীয় দণ্ডবিধি ৩২৪/৩৪২/৩০৭/৩২৬ ধাৰাৰ অধীনত আনুষ্ঠানিক গ্ৰেপ্তাৰ কৰে ৷ প্ৰায় দুঘন্টা ধৰি নাজিৰা আদৰ্শ আৰক্ষী থানাত এইগৰাকী লেডী ডন ৰূপী আৰক্ষী বিষয়াক প্ৰাথমিক জেৰা চলোৱাৰ পিছতেই নাজিৰা নগৰস্থিত চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰি পোনে পোনে মহকুমা আদালতত হাজিৰ কৰায়।
জানিব পৰা মতে, তদন্তকাৰী আৰক্ষী বিষয়াগৰাকীয়ে অধিক তথ্য উদ্ধাৰৰ বাবে পাঁচ দিনৰ আৰক্ষীৰ জিম্মাত বিছাৰি আবেদন জনাইছিল। কিন্তু আদালতে দুয়োপক্ষৰ যুক্তি শুনাৰ অন্তত ৩ দিনৰ বাবে শুভলক্ষ্মী দত্তক আৰক্ষীৰ জিম্মা প্ৰদান কৰে। ন্যায়ালয়ে স্বাস্থ্য আৰু সুৰক্ষাৰ দিশটোৰ প্ৰতি গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়াৰ পিছতেই আৰক্ষী প্ৰশাসনে এইগৰাকী অত্যাচাৰী আৰক্ষী বিষয়াক নাজিৰা থানাৰ লক আপৰ পৰিৱৰ্তে শিৱসাগৰ সদৰ থানাৰ লক আপত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ আনহাতে, আদিবাসী মহিলা অনিমা প্ৰজাক হত্যাৰ উদেশ্যে চলোৱা নৃশংস আক্ৰমণৰ মূল অভিযুক্ত শুভলক্ষ্মী দত্ত যাতে কোনো কাৰণতেই যাতে আইনৰ সুৰুঙাইদি সাৰি নাযায় তাৰ বাবে আৰক্ষীক সূক্ষ্ম আৰু নিখুঁত অনুসন্ধান চলাবলৈ আহব্বান জনায়। অসম চাহ জনজাতি যুৱ ছাত্ৰ সন্থাৰ জিলা সভাপতি সুৰেশ তাঁতীয়ে শুভলক্ষ্মীৰ বিৰুদ্ধে সঠিক সাক্ষ্য প্ৰমাণৰ ভিত্তিত আদালতত কেচ ডায়েৰী দাখিল কৰিবলৈ আৰক্ষীৰ প্ৰতি আহব্বান জনায়। ইয়াৰ অন্যথাই শুভলক্ষ্মীৰ বিৰুদ্ধে পুনৰ আন্দোলনৰ কাৰ্য্যসূচী লবলৈ আদিবাসী সংগঠন সমূহ ব্যাধ্য হব বুলি হুংকাৰ প্ৰদান কৰে ৷
স্মৰ্তব্য যে নাজিৰা মহকুমাৰ তদানীন্তন মহকুমা আৰক্ষী বিষয়া তথা সদ্য পদোন্নতিপ্ৰাপ্ত চৰাইদেউৰ ASP শুভলক্ষ্মী দত্তই আদিবাসী মহিলা অনিমা প্ৰজাৰ ওপৰত চলোৱা আসুৰিক নিৰ্যাতনৰ ঘটনাৰ সন্দৰ্ভত অসম মহিলা আয়োগৰ এটা দলে মহিলা গৰাকীৰ স্বাস্থ্য বুজ লোৱাৰ অন্তত এটা গোচৰ ৰুজু কৰিছিল। লক্ষণীয়ভাৱে শিৱসাগৰত DSP হিচাপে কৰ্তব্যৰত হৈ থকাৰ সময়ত গৃহৰক্ষী জোৱান অনিল পাটৰৰ দুটাকৈ দাঁত শুভলক্ষ্মী দত্তই ঘুচিয়াই ভাঙি দিছিল ৷ সেই সময়ত অনিল পাটৰে দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰুজু হোৱা ১৫৯/১৯ নম্বৰৰ গোচৰটোৰ শুভলক্ষ্মীক সুৰক্ষা দি ইতিমধ্যে চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছে শিৱসাগৰ সদৰ আৰক্ষীয়ে। কিন্তু একে সময়তে ৰাজকুমাৰ গগৈ নামৰ দেহৰক্ষী গৰাকীক শুভলক্ষ্মী দত্তই প্ৰহাৰ কৰা ঘটনাৰ সন্দৰ্ভদ গগৈয়ে ৰুজু ৩৩৪/১৯ নম্বৰৰ গোচৰটোৰ তদন্তকাৰী আৰক্ষীয়ে শুভলক্ষ্মীক ৰক্ষণাবেক্ষণ দিয়াৰ নামত আদালতত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিছিল। শেহতীয়াকৈ প্ৰহৃত ৰাজকুমাৰ গগৈয়ে আদালতত পুনৰ গোচৰটোৰ তদন্তৰ বাবে আবেদন জনোৱা বুলি সাংবাদিকক জানিবলৈ দিয়ে।