অহা ৮ অক্টোবৰত উদ্বোধন হ’ব আধুনিক যুগৰ সৰ্ববৃহৎ হিন্দু মন্দিৰ । নিউ জাৰ্চীত উদ্বোধন কৰা হ’ব আধুনিক যুগত নিৰ্মাণ হোৱা বিশ্বৰ সৰ্ববৃহৎ হিন্দু মন্দিৰটো । নিউয়ৰ্কৰ টাইমচ স্কোৱেৰৰ পৰা প্ৰায় ৬০ মাইল দক্ষিণে আৰু ৱাশ্বিংটন ডিচিৰ পৰা প্ৰায় ১৮০ মাইল উত্তৰে নিউ জাৰ্চীৰ সৰু অঞ্চল ৰবিন্সভিল টাউনশ্বিপত নিৰ্মাণ কৰা হৈছে এই হিন্দু মন্দিৰটো । বিএপিএছ স্বামীনাৰায়ণ অক্ষৰধামৰ এই মন্দিৰৰ নিৰ্মাণকাৰ্য ২০১১ চনৰ পৰা আৰম্ভ হৈছিল । প্ৰায় ১২ বছৰৰ অন্তত সমগ্ৰ আমেৰিকাৰ ১২,৫০০ তকৈও অধিক শ্ৰমিক তথা শিল্পীয়ে এই মন্দিৰটো নিৰ্মাণ কৰি তুলিছে।
আনুষ্ঠানিক উদ্বোধনৰ পূৰ্বেই সমগ্ৰ দেশৰ পৰা প্ৰতিদিনে হাজাৰ হাজাৰ হিন্দু আৰু অন্যান্য ধৰ্মৰ লোকে মন্দিৰটো পৰিদৰ্শন কৰিছে । অক্ষৰধাম হিচাপে জনপ্ৰিয় মন্দিৰটোৰ পৰিসীমা ২৫৫ ফুট ৩৪৫ ফুট x ১৯১ ফুট বুলি জানিব পৰা গৈছে । অক্ষৰধাম মন্দিৰটো ১৮৩ একৰৰো অধিৰ ভূমিত বিস্তৃত হৈ আছে । এই মন্দিৰটো প্ৰাচীন হিন্দু শাস্ত্ৰ অনুসৰি ডিজাইন কৰা হৈছে আৰু ইয়াত প্ৰাচীন ভাৰতীয় সংস্কৃতিৰ ডিজাইন উপাদান অন্তৰ্ভুক্ত আছে যাৰ ভিতৰত আছে ১০,০০০ মূৰ্তি আৰু প্ৰতিমা, ভাৰতীয় বাদ্যযন্ত্ৰৰ কাৰুকাৰ্য আৰু নৃত্য শিল্পও উপস্থাপন কৰা হৈছে।
কম্বোডিয়াৰ আংকোৰ ৱাটৰ পাছত এই মন্দিৰটো সম্ভৱতঃ বিশ্বৰ দ্বিতীয় বৃহত্তম মন্দিৰ হ’ব । বিশ্বৰ সৰ্ববৃহৎ হিন্দু মন্দিৰ দ্বাদশ শতিকাৰ আংকোৰ ৱাট মন্দিৰ কমপ্লেক্স ৫০০ একৰ ভূমিত বিস্তৃত । ই ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ । ২০০৫ চনৰ নৱেম্বৰত নতুন দিল্লীত মুকলি কৰা অক্ষৰধাম মন্দিৰটোও ১০০ একৰ ভূমিত বিয়পি আছে।