প্ৰেমিকাৰ সৈতে কাজিয়া! শৌচাগাৰত নিজকে শেষ কৰিলে যুৱকে, গুৱাহাটীৰ নুনমাটিত চাঞ্চল্য

1 min read

মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা। চিপ লোৱা অৱস্থাত শৌচাগাৰত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ। নুনমাটিৰ জয়ন্ত নগৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। যুৱকজন কোকৰাঝাৰৰ ৰাজা নাৰ্জাৰী বুলি জানিব পৰা গৈছে।

বামুণীমৈদাম স্থিত DS GROUPত কৰ্মৰত আছিল যুৱকজন। DS Groupত কৰ্মৰত কেইবাগাৰকীও বন্ধুৰ সৈতে এটা ঘৰত আছিল যুৱকজন। যোৱা ২৩ ছেপ্টেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল যুৱকজন।

প্ৰেমিকাৰ সৈতে কাজিয়া হোৱাৰ বাবেই যুৱকজনে চৰম সিদ্ধান্ত গ্ৰহণ কৰাৰ সন্দেহ বন্ধুৰ। নুনমাটি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ শৌচাগাৰৰ দুৱাৰ ভাঙি যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCHলৈ প্ৰেৰণ কৰিছে।

You May Also Like

More From Author