বিজেপি নেত্ৰী জোনালী নাথ হত্যাকাণ্ডৰ চাৰ্জশ্বীট দাখিল, কি আছে আৰক্ষীৰ চাৰ্জশ্বীটত?

1 min read

ৰাজ্য কঁপাই যোৱা BJP নেত্ৰী জোনালী নাথ হত্যাকাণ্ডৰ আৰক্ষীৰ চাৰ্জশ্বীট দাখিল আৰক্ষীৰ (Jonali Nath Murder Case)। নথি–পত্ৰসহ প্ৰায় ২ হাজাৰ পৃষ্ঠাৰ চাৰ্জশ্বীট আদালতত দাখিল কৰিছে আৰক্ষীয়ে৷ জোনালী নাথ হত্যাকাণ্ডৰ প্ৰায় তিনি মাহ সম্পূৰ্ণ হ’ল৷ এতিয়াও হত্যাকাৰীৰ ফাঁচিৰ দাবীত অটল প্ৰয়াত জোনালী নাথৰ স্বামী৷

যোৱা ১১ জুনত দুই হত্যাকাৰী ক্ৰমে হাছানুৰ আৰু আজিবুৰে অতি নিৰ্মমভাৱে হত্যা কৰিছিল BJP নেত্ৰী জোনালী নাথক। হত্যাকাণ্ড সংঘটিত হোৱাৰ ২৪ ঘণ্টা নৌহওঁতেই হত্যাকাণ্ডৰ মাষ্টৰমাইণ্ড হাছানুৰক গ্ৰেপ্তাৰ কৰি তৎপৰতা দেখুৱাইছিল মাটিয়া আৰু গোৱালপাৰা আৰক্ষীয়ে৷ দুই হত্যাকাৰী এতিয়াও ৰঙাঘৰতে আছে৷

এতিয়া যিহেতু আইনী প্ৰক্ৰিয়া আৰম্ভ হ’ব গতিকে মাটিয়াবাসী ৰাইজেও বিচাৰিছে হত্যাকাৰীৰ শাস্তি হওক কঠোৰ৷ আনহাতে জোনালী নাথৰ স্বামীয়ে কান্দি কান্দি পুনৰ এবাৰ মুখ্যমন্ত্ৰীক সহায়ৰ বাবে আহ্বান জনালে। ডাঙৰ কন্যাগৰাকীৰ পঢ়াৰ খচৰ গোৱালপাৰাৰ অভিভাৱক মন্ত্ৰী আশোক সিংহালে লৈছে ঠিকেই, কিন্তু কনিষ্ঠ কন্যাৰ বিদ্যালয়ৰ মাছুল বিগত কেইবাটাও মাহে পৰিশোধ কৰিব পৰা নাই বুলিও স্বামীয়ে অতি দুখেৰে Mediaক জনায়৷

You May Also Like

More From Author