বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ত ৰাজ্যপাল কাটাৰীয়া ঃ পাঠ্যক্ৰমৰ শুভ উদ্বোধন
যিখন দেশত শিক্ষাৰ মন্দিৰ মজবুট হ’ব, সেইখন দেশৰ ভৱিষ্যত মজবুট –কাটাৰীয়া
মাকে সন্তান জন্ম দিয়ে, কিন্তু জীৱন দিয়ে শিক্ষকে–কাটাৰীয়া
মই এইখনেই প্ৰথম বিশ্ববিদ্যালয় পালোঁ য’ত ইউ পি এছ চি, এপিএছচি আদিৰ বাধ্যতামূলক পাঠদান হ’ব ঃ ৰাজ্যপাল
উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়াক ৰাজ্যপালৰ ভূয়সী প্ৰশংসা
প্ৰতিবেদক গোলাঘাট, প্ত ছেপ্তেম্বৰ ঃ অসমৰ শৈক্ষিক ইতিহাসত নতুন অধ্যায়ৰ সূচনা কৰি ২০২০ চনৰ ১৬ অক্টোবৰত গোলাঘাটত প্ৰতিষ্ঠিত হৈছিল বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়৷ আন্তঃগাঁথনিকে ধৰি বিভিন্ন দিশত হোৱা প্ৰস্তুতিৰ অন্তত বিশ্ববিদ্যালয়খনত আৰম্ভ হ’বলৈ লৈছে স্নাতকোত্তৰ মহলাৰ পাঠদান কাৰ্যসূচী৷ উল্লেখ্য যে ইতিমধ্যেই বিশ্ববিদ্যালয়খনত গৱেষণা কাৰ্যসূচী আৰম্ভ হৈ গৈছে৷ বিশ্ববিদ্যালয়খনৰ এই শৈক্ষিক বৰ্ষৰ পৰা আৰম্ভ হোৱা স্নাতকোত্তৰ পাঠ্যক্ৰমৰ আজি শুভ উদ্বোধন কৰে বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা অসমৰ মাননীয় ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই৷ কাৰ্যসূচী অনুসৰি ৰাজ্যপালগৰাকীয়ে পুলিবৰৰ বগৰীজেঙত থকা ইঞ্জিনিয়াৰিং কলেজত অৱস্থিত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ অস্থায়ী চৌহদত দিনৰ ১২-১৫ বজাত উপস্থিত হয় আৰু শিক্ষক, বিষয়া, কৰ্মচাৰীসকলৰ লগত পৰিচয় হয়৷ উল্লেখ্য যে ৰাজ্যপালগৰাকীৰ লগত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীদ্বয় অতুল বৰা আৰু অজন্তা নেওগ, সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন তথা জিলা প্ৰশাসনৰ বিষয়বৰ্গ৷ ইয়াৰ পিছতে ৰঙাজানত নিৰ্মীয়মান হৈ থকা বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়৷ বিয়লি তিনি বজাত গোলাঘাটৰ বীৰাংগনা কলাক্ষেত্ৰৰ সভাগৃহত ড॰ মানসজ্যোতি বৰা আৰু প্ৰেৰণা বৰদলৈয়ে আঁত ধৰা সভাত সাধনীৰ প্ৰতিচ্চবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে মাননীয় ৰাজ্যপাল আৰু সতী সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ জ্যোতিপ্ৰসাদ শইকীয়াই৷ ইয়াৰ পিছতেই ক্ৰমে পৰিৱেশন কৰা হয় ৰাষ্ট্ৰ সংগীত আৰু ড॰ জ্যোতিপ্ৰসাদ শইকীয়াৰ দ্বাৰা ৰচিত, ড॰ অনিল শইকীয়াই সুৰ দিয়া বিশ্ববিদ্যালয় সংগীত৷ কোৰাচত অংশ লয় ড॰ প্ৰাণজিৎ দাস, ড॰ ৰুবুল কুমাৰ বনিয়া, ড॰ পৰিস্মৃতা হাজৰিকা, ৰীতামণি গগৈ, নিবেদিতা বৰদলৈ, সুপ্ৰসন্না বৰতামুলী, পাপৰি বৰুৱা, চান্দিনী য়াদৱ, কেৰলিন ৰেংমা, ঈশানী গগৈ, বিশাল বৰি আৰু ড॰ ত্ৰিবেদী চুতীয়াই৷ সংগীতটো গোৱাত তত্ত্বাৱধানত থাকে শিল্পী ৰহিমুদ্দিন আহমেদ। সংগীত পৰিৱেশনৰ পিছতেই মাননীয় ৰাজ্যপালক সম্বৰ্ধনা জনায় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ জ্যোতিপ্ৰসাদ শইকীয়াই৷ ইয়াৰ পিছতে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড॰ উদয় কুমাৰ খনিকৰে মঞ্চত উপবিষ্ট অতিথিবৃন্দক সম্বৰ্ধনা জনায়৷ ইয়াৰ পিছতেই উপাচাৰ্য ড॰ জ্যোতিপ্ৰসাদ শইকীয়াই আদৰণী ভাষণ আগবঢ়ায়৷ তেখেতে ভাষণত বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কালৰ লগত জড়িত বহু দিশ তথা বিশ্ববিদ্যালয়খনৰ লক্ষ্য, উদ্দেশ্য সম্পৰ্কে অৱগত কৰি কয় যে বিশ্ববিদ্যালয়খনক কেৱল ডিগ্ৰী প্ৰদানৰ কাৰখানা নকৰি সমাজজীৱনৰ বাবে উছৰ্গিত, বহুদক্ষতাসম্পন্ন নাগৰিক গঢ়াৰ অনুষ্ঠান হিচাপে গঢ়ি তোলাত গুৰুত্ব দিয়া হ’ব৷ বিশ্ববিদ্যালয়খনৰ লগ’ প্ৰস্তুতকাৰী তথা শিল্পী দাদুল চলিহাক সম্বৰ্ধনা জনায় বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা অসমৰ ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়ায়৷ উপাচাৰ্য ড॰ জ্যোতিপ্ৰসাদ শইকীয়াই খবৰ কাগজত নিয়মীয়াকৈ লিখি অহা বিভিন্ন প্ৰবন্ধৰ পৰা ১০০ টা প্ৰবন্ধৰে যুগুত কৰি উলিওৱা ‘যি কথা ক’বলৈ মন যায়’ গ্ৰন্থ উন্মোচন কৰে ৰাজ্যপাল কাটাৰীয়ায়৷ বিয়লি ৩.২২ মিনিটৰ পৰা আৰম্ভ হয় শিক্ষক দিৱসৰ কাৰ্যসূচী৷ এই কাৰ্যসূচী অনুসৰি প্ৰথমেই ছাত্ৰ-ছাত্ৰীয়ে প্ৰদৰ্শন কৰে গুৰু বন্দনা৷ ইয়াৰ পিছতে অসমীয়া বিভাগৰ দুগৰাকী ছাত্ৰী তাবাচুম আৰা ৰহমান আৰু চিত্ৰা হাজৰিকাই প্ৰদৰ্শন কৰে জ্যোতি নৃত্য৷ ছাত্ৰ-ছাত্ৰীসকলৰ হৈ শিক্ষক দিৱস উপলক্ষে একাষাৰ কয় ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰী আনচাল গুপ্তাই৷ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ জ্ঞানোজ্জ্বল ফুকনে নিজে অংকন কৰা ৰাজ্যপালৰ এখন প্ৰতিচ্ছবি শিক্ষক দিৱস উপলক্ষে ৰাজ্যপালক উপহাৰ দিয়ে৷ ইয়াৰ পিছতেই সভাত উপস্থিত মন্ত্ৰী অতুল বৰা, মন্ত্ৰী অজন্তা নেওগ আৰু সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বিজৎ ফুকনে চমু বক্তব্য আগবঢ়ায়৷ তেওঁলোকে গোলাঘাটত সাহস, সততাৰ প্ৰতীক বীৰাংগনাৰ নামত বিশ্ববিদ্যালয় এখন হোৱাটো অতিকে তাৎপৰ্যপূৰ্ণ বুলি কয়৷ মন্ত্ৰী অতুল বৰাই কয় যে উন্নত মানৰ শিক্ষানুষ্ঠান সৃষ্টি হোৱা মানেই উৎকৃষ্ট মানৰ মানৱ সম্পদ সৃষ্টি হোৱা৷ মন্ত্ৰী অজন্তা নেওগে কয় যে সাধনীৰ দৰে মহীয়সী নাৰী এগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই আমি মহান যাত্ৰাত আগবাঢ়ি যাব লাগিব৷ উল্লেখ্য যে ড° জ্যোতিপ্ৰসাদ শইকীয়াৰ দ্বাৰা ৰচিত প্ৰবন্ধ সংকলন ‘যি কথা ক’বলৈ মন যায়’ উন্মোচন কৰে ৰাজ্যপাল কাটাৰীয়ায়।ইয়াৰ পিছতে বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা অসমৰ ৰাজ্যপালে[Chancellor cum Governor of Assam] আনুষ্ঠানিকভাৱে বৈদ্যুতিন মাধ্যমৰে বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰম উদ্বোধন কৰে৷ ইয়াৰ লগতে ৰাজ্যপালগৰাকীয়ে প্ৰায় ২৫ মিনিট সময় সাৰগৰ্ভ ভাষণ আগবঢ়ায়৷ তেওঁ অতি কম সময়তে বিশ্ববিদ্যালয়খনক ক্ষিপ্ৰতাৰে নেতৃত্ব দিয়াৰ বাবে, মৌলিক আৱশ্যকতাসমূহৰ সিংহভাগ পূৰ কৰাৰ বাবে তথা সৃজনীশীল দিশক গুৰুত্ব দিয়া বাবে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়াক ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় যে–শিক্ষক দিৱসৰ দিনা এনে এটা মহৎ কাৰ্য কৰিবলৈ পোৱাটো তেওঁৰ বাবে গৌৰৱৰ কথা৷ তেওঁ কয়–‘‘মই নিজেও এসময়ত শিক্ষা মন্ত্ৰী আছিলোঁ৷ আজি উপাচাৰ্য ড॰ জ্যোতিপ্ৰসাদ শইকীয়াক ধন্যবাদ জনাইছোঁ যে পাঠক্ৰম মুকলিৰ বাবে আজিৰ দিনটো নিৰ্বাচন কৰিলে৷’’ সতী সাধনীৰ নামত বিশ্ববিদ্যালয় হোৱাটো তেওঁ অত্যন্ত তাৎপৰ্যপূৰ্ণ বুলি কয়৷ তেওঁ কয় যে অনাগত প্ৰজন্মই সাধনীৰ নামত শক্তি পাব, এই নামটো সঘনে চৰ্চিত হ’ব আৰু নামটোৱে তেওঁলোকক সাহস, সততাৰে সমাজৰ হকে দায়ৱদ্ধ হ’বলৈ প্ৰণোদিত কৰিব৷ ভাৰতবৰ্ষৰ মহান শিক্ষা পৰম্পৰাৰ কথা সুঁৱৰি তেওঁ কয় যে ভাৰতবৰ্ষক মানুহে জানে এইকাৰণে যে এসময়ত ইয়াত নালন্দা, তক্ষশীলাৰ দৰে অনুষ্ঠান আছিল৷ গুৰু শিষ্যৰ পৰম্পৰা ভাৰতবৰ্ষত যুগ যুগ ধৰি চলি আহিছে৷ আজিৰ শিক্ষক প্ৰাচীন পৰম্পৰাৰ ফল৷ তেওঁ কয় যে ৰাম-কৃষ্ণ আছিল বাবেহে বিবেকানন্দক পাইছোঁ৷ প্ৰাৰম্ভিক কালৰ শিক্ষকসকলক সেৱা জনাই তেওঁ কয় যে মাকে সন্তান জন্ম দিয়ে, শিক্ষকে জীৱন দিয়ে৷ তেওঁ কয় যে কেৱল জ্ঞান অৰ্জন কৰাটো শিক্ষা নহয়, শিক্ষাৰে সমাজৰ বাবে উছৰ্গিত হ’ব লাগিব৷ জীৱনটো আমি এবাৰেই পাম আৰু আমাৰ দক্ষতাক এই জীৱনতেই প্ৰতিপন্ন কৰিব লাগিব৷ তেওঁ বিশ্ববিদ্যালয়খনৰ ব্যতিক্ৰমী শৈক্ষিক কাৰ্যসূচীৰ শলাগ লৈ কয় যে এইখনেই প্ৰথম বিশ্ববিদ্যালয় পালোঁ য’ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বাধ্যতামূলক পাঠদান কৰা হ’ব৷ আনহাতে অত্যন্ত কম সময়তে টু এফ পোৱাৰ কথাটোও বিশেষ সফলতা বুলি কয়৷ ৰাজ্যপালগৰাকীয়ে কয় যে যিখন দেশত জ্ঞানৰ মন্দিৰ মজবুট হ’ব সেইখন দেশৰ ভৱিষ্যত মজবুট হ’ব৷ বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড॰ উদয় কুমাৰ খনিকৰে শলাগৰ শৰাই আগবঢ়ায়৷ বিশ্ববিদ্যালয়খনৰ পৰিচয়জ্ঞাপক এখন চুটি ডকুমেণ্টৰীও এই অনুষ্ঠানতে প্ৰদৰ্শন কৰা হয়। ইয়াৰ পিছতেই ৰাষ্ট্ৰীয় সংগীতৰ পুনৰ পৰিৱেশনেৰে সভাৰ সমাপ্তি ঘটে৷ উল্লেখ্য যে অনুষ্ঠানত গোলাঘাটৰ বিভিন্ন কলেজৰ পৰা অধ্যক্ষ, শিক্ষক-শিক্ষিয়িত্ৰীকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷