ভগৱান গণেশক পূজা নকৰাকৈ কোনো কাম সম্পন্ন কৰিব নোঁৱাৰি…

1 min read

ভগৱান শ্ৰী গণেশক-হিন্দু ধৰ্মৰ প্ৰথম পূজ্য দেৱতা হিচাপে গণ্য কৰা হয়।কোনো পূজা বা শুভ কাম কৰাৰ আগতে প্ৰথমে ভগৱান গণেশক পূজা কৰা হয়। ( Religious Studies )

ভগৱান গণেশক পূজা নকৰাকৈ কোনো কাম সম্পন্ন কৰিব নোঁৱাৰি বুলি বিশ্বাস কৰা হয়।কিন্তু সকলো দেৱ-দেৱীৰ ভিতৰত গণেশকেই কিয় প্ৰথম পূজ্য দেৱতা বুলি গণ্য কৰা হয়!

ভগৱান শিৱই কৰিছিল ঘোষণা-

প্ৰথম পূজ্য দেৱতা হিচাপে গণেশক পূজা কৰা লৈ মূলত: দুটা কাহিনী আছে।এটা কিংবদন্তি অনুসৰি প্ৰথমবাৰৰ বাবে যেতিয়া দেৱী পাৰ্ৱতীয়ে গণেশক তেওঁৰ কোঠাৰ পহৰা দিবলৈ নিৰ্দেশ দিছিল-তেতিয়া গণেশে দেৱী পাৰ্ৱতীৰ আজ্ঞা পালন কৰি-ভগৱান শিৱক কোঠালৈ যাবলৈ দিয়া নাছিল-তেতিয়া এই কথাত ক্ৰোধিত হৈ মহাদেৱে গণেশৰ মূৰ কাটি পেলালে।

এই কথাতে ক্ৰোধিত হৈ-দেৱী পাৰ্ৱতীয়েও সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডক ধ্বংস কৰাৰ ভাবুকি দিলে।তেতিয়া মহাদেৱে গণেশৰ ডিঙিত এটা হাতীৰ মূৰ লগাই পুনৰ জীৱন দিলে।কিন্তু গণেশৰ গাত হাতীৰ মূৰ দেখা পায়-দেৱী পাৰ্ৱতী সন্তষ্ট নহল।তেতিয়া মহাদেৱে ঘোষণা কৰিলে যে-ভৱিশ্যতে যিকোনো পূজা বা শুভ কামৰ আৰম্ভণিতে ভগৱান গণেশক পূজা কৰা হব।গণেশৰ আৰ্শীবাদৰ অবিহনে কোনো কাম সম্পূৰ্ণ নহব। ( Religious Studies )

ভগৱান শিৱই এখন প্ৰতিযোগিতা আয়োজন কৰিছিল।তেওঁ সকলো দেৱতাক বিশ্ব ব্ৰহ্মাণ্ডৰ তিনিপাক ঘূৰিবলৈ কৈছিল।যিয়ে প্ৰথমে তিনিপাক সম্পূৰ্ণ কৰিব-তেওঁকেই প্ৰথম পূজ্য দেৱতাৰূপে ঘোষণা কৰা হব।ইয়াত গণেশ আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ-কাৰ্তিককে ধৰি আন আন দেৱতাসকলেও অংশ গ্ৰহণ কৰে।

ভগৱান কাৰ্তিকে নিজৰ বাহন ময়ূৰত উঠি বিশ্বব্ৰহ্মাণ্ডত ঘূৰিবলৈ ধৰিলে।একে সময়তে গণেশে বিশ্ব বহ্মাণ্ডৰ পৰিৱৰ্তে-মাক-দেউতাকক কেন্দ্ৰ কৰি ঘূৰে।গণেশে কৈছিল যে-তেওঁৰ পিতৃ-মাতৃয়ে তেওঁৰ বিশ্ব ব্ৰহ্মাণ্ড।পিতৃ-মাতৃৰ প্ৰতি থকা এনে প্ৰেম আৰু প্ৰতিযোগীতাত জয়ী হোৱাৰ বুদ্ধিমতাৰ দ্বাৰা গণেশে নিজকে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ ভিতৰতে-আটাইতকৈ জ্ঞানী ৰূপে প্ৰমাণ দিয়ে।গণেশৰ এনে কায্যত সন্তষ্ট হৈ-মহাদেৱে গণেশক প্ৰথম পূজ্য দেৱতাৰূপে ঘোষণা কৰিছিল

You May Also Like

More From Author