পাছবছৰ পূৰ্বে লৰাজনৰ কমেণ্ট বক্স গালি,তাচ্ছিল্যৰে ভৰি পৰিছিল। ইমান ধুনীয়া ছোৱালীজনীক এই কলামলা লৰাটোৱে বিয়া কৰাব কিয় , তাকে লৈ গালি। শ্বাহৰুখ খানৰ ফেন লৰাজন যেতিয়া অভিনেতাজনৰ ঘৰলৈ এবাৰ যাব খুজিছিল গেটেই পাৰ হ’ব দিয়া নাছিল নিৰাপত্তাৰক্ষীয়ে । আজি জৱানৰ অভাৱনীয় সফলতাৰে এটলি ওৰফে অৰুণ কুমাৰে নামৰ এই লৰাজনে পাইছে নতুন পৰিচয়..শ্বাহৰুখ খানৰ দৰে তাৰতাক নতুন ৰূপত প্ৰতিষ্ঠা কৰাৰ দক্ষতা ৰখা তাৰকা পৰিচালকৰ পৰিচয়।পিছে শৰীৰৰ ৰং,আকৃতিক লৈ তাচ্ছিল্য ,ট্ৰলৰ সম্মুখীন হোৱা এটলি প্ৰথম ব্যক্তি নহয়।ইংৰাজীত এটা শব্দ আছে BODY SHAMING.আপুনি মই ফেচবুকৰ বহুতেই হয়তো BODY SHAMING ৰ সন্মুখীন হৈছো।লৰাটো ইমান কলা,ছোৱালীজনী ইমান শকত,লৰাটোৰ দাঁতকেইটা কেনেকৈ ওলোৱা।বন্ধুৰ পৰা আত্মীয়লৈকে সকলোৱে এইবোৰ কথা সহজে কব পাৰে,এয়া আমাৰ সমাজৰ বাবে তেনেই সহজ কথা।কাৰোবাৰ শৰীৰক লৈ তাচ্ছিল্য কৰাটো আজিও আমাৰ ব্যবস্থাৰ জনপ্ৰিয় ধেমালি।আনকি ভদ্ৰ লোকৰ মেহফিলতো ৰাজহুৱাকৈ ব্যক্তি এজনৰ শৰীৰক লৈ তেওঁৰ সমুখতে তাচ্ছিল্য কৰাটো একো বেয়া কথাই নহয়।এনেকুৱা ধাৰণা আছেই যে কলা কাৰণেহে কলা বুলি কৈছে ,শকত কাৰণেহে শকত বুলি কৈছে। পিছে এই সৰু সৰু কথাবোৰে ভুক্তভোগীক কি পর্যায়লৈ মানসিকভাবে আঘাত কৰিব পাৰে আমি কেতিয়াও ভাবি নাচাও।আজিৰ এই তীব্ৰ প্ৰতিযোগিতামূলক পৃথিৱীত BODY SHAMING ডাঙৰ সমস্যা।আমাৰ এই ধুনীয়া গ্ৰহটিৰ সৌন্দৰ্যই হৈছে আমি কোনো কাৰো দৰে নহয়।কিন্তু সমাজত BODY SHAMING এনেকুৱাকৈ শিপাই গৈছে যে আমি শৰীৰৰ ৰং আৰু আকৃতিৰেহে মানুহৰ মৰ্যাদা ,সন্মান জুখো।এটলিয়ে প্ৰমাণ কৰিছে শৰীৰৰ ৰঙ একোৱেই নহয়,মানুহৰ কৰ্মহে মূল।কলামলা,এসময়ৰ উপেক্ষিত এটলি আজি চেলিব্ৰেটি।এটলিক লৈ আজি সেই একেই ফেচফুক প্ৰশংসাৰে ভৰি পৰিছে।কিন্তু সকলো এটলিৰ দৰে সফল নহবও পাৰে ! কিন্তু BODY SHAMING ৰ নামত যাতে আমাৰ ওচৰৰ কোনো এজনো যাতে হীনমন্যতাত ভুগিব নালাগে সেই পৰিবেশ আমিয়েই গঢ়িব লাগিব। আজি সফল হোৱা বাবেহে এটলিয়ে কলা লৰাৰ পৰা সফল লৰাৰ সন্মান পাইছে।কিন্তু সফল হোৱাৰ আগতেই শৰীৰৰ ৰঙলৈ উৰ্ধলৈ গৈ ব্যক্তিক যোগ্যতা অনুসৰি সন্মান দিব পৰা সমাজ খনহে প্ৰকৃত সভ্য সমাজ।
ভাগ্য: এদিন শ্বাহৰুখ খানক লগ পাবলৈ মুম্বাইলৈ আহি নিৰাশ হৈ উভতা এইজন যুৱকৰ চিনেমা জাৱানত অভিনয় কৰিছে শ্বাহৰুখে
Posted on by GTM Desk
1 min read
You May Also Like
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025
More From Author
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025