মহানগৰীৰ খানাপাৰাত বৃহস্পতিবাৰে নিশা পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনা গুৱাহাটীৰ ভিভাণ্টা (Vivanta) হোটেলৰ সন্মুখত ঘটে। এখন Kia Seltos আৰু Innovaৰ মাজত সংঘৰ্ষ লাগে।
জানিব পৰা মতে, Kia Seltos বাহন খনক Innova বাহনে মহতিয়াই নিয়ে। এই দুৰ্ঘটনাত এগৰাকী মহিলাসহ দুয়োখন বাহনৰ চালক আহত হয়। নিশাই ঘটনাস্থলীত মহানগৰ যান-বাহন আৰক্ষী উপস্থিত হয়। আৰক্ষীয়ে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে বাহন দুখন থানালৈ লৈ যায়।
গুৱাহাটী মহানগৰত নিশাৰ ভাগত প্ৰায়েই এনে বহু দুৰ্ঘটনা হোৱা দেখিবলৈ পোৱা যায়। প্ৰতিদিনে চহৰখনত পথ দুৰ্ঘটনাৰ সংখ্যা যেন বৃদ্ধি পাবলৈ ধৰিছে। যান-বাহন আৰক্ষীয়ে ইয়াক অৱৰোধ কৰিবলৈ জনসাধাৰণক বিভিন্ন সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নীতি-নিৰ্দেশনা জাৰি কৰিছে। তথাপিও বিভিন্ন সময়ত পথ দুৰ্ঘটনাৰ ফলত কোনো লোক আহক হয়, আনহাতে আন বহু লোকে প্ৰাণ হেৰুৱাবলগীয়াও হৈছে।
অৱশ্যে, উক্ত পথ দুৰ্ঘটনা কেনেকৈ আৰু কিয় সংঘটিত হ’ল, সেয়া আৰক্ষীৰ তদন্ততহে জানিব পৰা যাব। মহানগৰ আৰক্ষীয়ে এই সন্দৰ্ভত নিজৰ তদন্ত অব্যাহত ৰাখিছে।