এটি প্ৰশ্ন মানুহৰ মনত সদায় উদয় হয় , যে মানুহৰ ভাগ্য কেতিয়া লিখা হয় , জন্মৰ পূৰ্বে নে কৰ্মৰ ভিত্তিত ? এই প্ৰশ্নৰ উত্তৰ জানিবলৈ তলৰ কথাখিনি মন দি শুনো আহক ,,
ধৰা হৈছে আপুনি দেখিছে কোনো এটি শিশু সোণৰ চামুচ মুখত লৈ জন্ম লৈছে অৰ্থাৎ খুব ধনী ঘৰত জন্ম লৈছে , আৰু ঠিক একে মুহূৰ্ততে অইন এজন শিশুক আপুনি দেখিছে খুব দুখীয়া গৃহত জনম লৈছে ; এইটো বৰ চিন্তনীয় বিষয় নহয়নে ! ইয়াৰ পৰা এইটো বুজিব লাগিব নেকি যে কোনো এটি শিশু জন্মৰ আগতে তেওঁৰ ভৱিষ্যত নিৰ্ধাৰিত হৈ থাকে ? এইক্ষেত্ৰত কিছুমান লোকে বিশ্বাস কৰে যে মানুহৰ ভৱিষ্যত মানুহৰ কৰ্মৰ ওপৰত নিৰ্ভৰশীল, মানুহে যি কৰ্ম কৰে তাৰ ওপৰতে ভৱিষ্যত জীৱন নিৰূপণ হয় আৰু আন কিছুমান লোকে বিশ্বাস কৰে যে মানুহৰ ভৱিষ্যত নিজৰ ভাগ্যৰ ওপৰত নিৰ্ভৰশীল হয়, যিটো জন্মৰ আগতে লিখা থাকে।
এই কথা সকলোৱে জানে যে ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ আগতে আকাশবাণী আহিছিল যে দৈৱকীৰ অষ্টম পুত্ৰই কংসৰ বধ কৰিব , আৰু তেতিয়াই কংসই ঠিৰাং কৰিছিল যে তেওঁ দৈৱকীৰ অষ্টম পুত্ৰক জন্মৰ লগে লগেই বধ কৰি পেলাব। আৰু সেয়া চিন্তা ভাৱনাৰ বাবে কংসই দৈৱকীৰ পুত্ৰ সমূহক জন্মৰ পিছতে হত্যা কৰি গৈ আছিল, কিন্ত যেতিয়া অষ্টম সন্তান জন্ম হ’ল তেওঁ অকল ডাঙৰ হোৱাই নহয় কংসক বধ কৰিবলৈকে সক্ষমো হৈছিল। আৰু তেওঁ অইন কোনো নহয় আমাৰ সকলোৰে আৰাধ্য ভগৱান শ্ৰীকৃষ্ণ। আৰু এই কথাৰ পৰা এইটো পৰিস্কাৰকৈ বুজা যায় যে শাস্ত্ৰ বিধি অনুসৰি কংসৰ মৃত্যু আগৰ পৰাই নিৰ্ধাৰিত আছিল সেয়ে হাজাৰ চেষ্টা কৰিও কংসই নিজৰ মৃত্যুক ৰোধ কৰিব পৰা নাছিল। অৰ্থাৎ কাৰ হাতত , কেনেকৈ আৰু কেতিয়া কংসৰ মৃত্যু হ’ব সেয়া আগৰ পৰাই লিপিবদ্ধ আছিল।
ঠিক একেদৰে ৰামায়ণৰ ঘটনাৰাজি অনুসৰি শ্ৰীৰামচন্দ্ৰৰ হাততে যে ৰাৱণৰ মৃত্যু অনিবাৰ্য আছিল ; এদিন যে লক্ষ্মণ, সীতা আৰু ৰামচন্দ্ৰ বনবাসলৈ যাব লগীয়া হৈছিল সেই ঘটনা সমূহ ঘটাৰ বহু বছৰ পূৰ্বেই বাল্মীকিয়ে লিখিছিল।
আনকি মহাভাৰতৰ ক্ষেত্ৰতো এই বিষয় একেধৰণে প্ৰযোজ্য। মহাভাৰতৰ সকলো ঘটনাৰাজি ঘটাৰ বহু বছৰ পূৰ্বে মহৰ্ষি বেদব্যাসে মহাভাৰত ৰচনা কৰিছিল। আৰু শ্ৰীমদ্ভাগবত গীতা অনুসৰি ভগৱান শ্ৰীকৃষ্ণই একে কথাই কৈছে বাৰে বাৰে যে প্ৰত্যেক মানুহে এদিন নহয় এদিন নিজৰ প্ৰাৰদ্ধত বিলীন হ’ব লাগিব। অৰ্থাৎ এই সংসাৰত জন্ম লোৱা সকলো মানুহৰ ভাগ্য আগৰ পৰাই নিৰ্ধাৰণ কৰা আছে। কোন মানুহ কেতিয়া জন্ম লব, কত জন্ম হ’ব , কেতিয়া মৃত্যু হ’ব, কোনে সুখ আৰু কোনে দুখ ভুগিব সেয়া আগৰ পৰাই পূৰ্ব জন্মৰ কৰ্ম অনুসৰি নিৰ্ধাৰিত হয় আৰু তাকেই কোৱা হয় বিধিৰ বিধান।
এতিয়া কথা হৈছে সকলো যদি আগৰ পৰাই নিৰ্ধাৰণ হয় তেন্তে মানুহৰ কৰ্মৰ ভূমিকা কি, প্ৰয়োজন কি ? কাৰণ কংস, ৰাৱণ আদিয়ে নিজৰ মৃত্যুৰ কথা আগতে জানি বহু চেষ্টা কৰিও নিজৰ মৃত্যুক প্ৰতিহত কৰিব পৰা নাছিল কিয় ?
এই প্ৰশ্নৰ উত্তৰ খুব ধুনীয়াকৈ শ্ৰীমদ্ভাগবত গীতাত প্ৰকাশ আছে। শ্ৰীমদ্ভাগবত গীতা অনুসৰি মানুহৰ এই জনমৰ কৰ্মৰ ফল এই জনমতে সীমাবদ্ধ নাথাকে, মনুষ্যৰ এক এক জনমৰ কৰ্ম ফল তেওঁৰ পৰৱৰ্তী জনম বোৰত ভুগিবলৈ বাধ্য হয় অৰ্থাৎ পৰবৰ্তী জনম বোৰৰ ভাগ্য নিয়ন্ত্ৰণ কৰে। তেওঁৰ এই জনমৰ কৰ্মৰ প্ৰকৃতি অনুসৰি নিৰ্ধাৰিত হয় যে তেওঁ দুখীয়া নে ধনীৰ গৃহত জন্ম লব ; নাৰী হৈ নে পুৰুষ হিচাপে জন্ম লব আনকি কোন দেশত কেনেদৰে জন্ম লব সেয়াও নিৰ্ধাৰিত হৈ ৰয়। আৰু এই বিধিৰ বিধানৰ পৰা কোনো পৃথক নহয় আনকি মনুষ্য যোনিত জন্ম লোৱা ভগৱানো ৰেহাই নাপায়।
ট্ৰেতা যুগত শ্ৰীৰাম চন্দ্ৰই বালিক লুকাই বধ কৰিছিল আৰু সেই কাৰণে ৰামচন্দ্ৰই সেই কৰ্মফল দ্বাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণৰ ৰূপত ভোগ কৰিবলগীয়া হৈছিল ; শাস্ত্ৰ গ্ৰন্থ অনুসৰি ট্ৰেতা যুগৰ বালি দ্বাপৰ যুগত জ্বৰা নামৰ বেদ ৰূপে জন্ম লৈ ভগৱান শ্ৰীকৃষ্ণৰ মৃত্যুৰ কাৰণ হৈছিল।
এই সংসাৰ হৈছে এক ৰঙ্গমঞ্চ যাৰ আৰম্ভণি আৰু শেষ হৈছে স্বয়ং ভগৱান আৰু আমি এই মঞ্চৰ একো একোটা সৰু সৰু অংশবিশেষহে আৰু যাক কোনো কোনো উদ্দেশ্যৰ বাবে জন্ম দিয়া হৈছে ; আৰু সেই উদ্দেশ্যেক বিচাৰি পোৱাৰ , বিচাৰি লোৱাই মানুহৰ প্ৰধান কাম। মানুহৰ পূৰ্বজনমৰ বিধি অনুসৰি ভাগ্য যিয়ে লিখা নাথাকক কিয় কিন্তু মানুহৰ এই জনমৰ কৰ্ম সদায় সৎ আৰু ভাল হোৱা উচিত। আৰু কৰ্ম কৰাৰ সময়ত এই বাণী সদায় মনত ৰখা উচিত যি বাণী গীতাৰ আটাইতকৈ উত্তম বাণী আৰু সেয়া হৈছে, ” মানুহৰ অধিকাৰ থাকে মাত্ৰ কৰ্মত, কৰ্ম ফলত নহয় ; কৰ্মফলৰ আশংকা কৰি কৰ্ম কৰা যেনেদৰে মানুহৰ কৰ্তব্য নহয়, ঠিক তেনেদৰে কৰ্মৰ পৰা বিৰত থকাও অনুচিত”। সকলো ভালে থাকক, কুশল হওঁক সকলোৰে।