মেহেক শৰ্মাৰ হত্যাকাৰী আজিজে কেনেকৈ জালত পেলাইছিল সুন্দৰী যুৱতীক?

1 min read

ডিব্ৰুগড়ৰ মেহেক শৰ্মাৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে (Mehek Sharma Murder case)। প্ৰেমিকা হত্যাকাণ্ডৰ অভিযুক্ত আজিজ আহমেদ ওৰফে মুন্নাৰ বিৰুদ্ধে পোহৰলৈ আহিছে ন ন কু-কীৰ্তি। পঞ্জাৱৰ পৰা উভতি আহি সংবাদ মাধ্যমৰ আগত মুখ খুলিলে হত্যাৰ বলি হোৱা যুৱতীগৰাকীৰ বায়েকে।

জুৱাৰ আড্ডাৰ পৰা আৰম্ভ কৰি কৌশলেৰে বহু যুৱতীক ভুৱা প্ৰেমৰ জালত পেলাইছিল ভণ্ড আজিজ আহমেদে। বহু যুৱতীক প্ৰেমৰ জালত পেলাই ব্লেকমেইল কৰি সৰকাই আহিছিল লাখ লাখ টকা। প্ৰৱঞ্চক আজিজৰ এই প্ৰেমৰ জালত ভৰি থৈ দিশহাৰা হৈ পৰিছিল মেহেক আৰু পৰিয়াল। কাৰণ আজিজে কৰা ব্লেকমেইলিঙত প্ৰায় তিনি লাখ টকা দিবলগীয়া হৈছিল পঞ্জাৱত কৰ্মৰত মেহেকৰ জ্যেষ্ঠ ভগ্নীয়ে।

এপ্ৰিল মাহত আজিজৰ একাউণ্টলৈ জ্যেষ্ঠ ভগ্নীয়ে পঠাইছিল প্ৰায় ১ লাখ ২০ হাজাৰ টকা। জুন মাহত ভগ্নী মেহেকৰ একাউণ্টলৈ প্ৰেৰণ কৰিছিল ১ লাখ ৫০ হাজাৰ টকা। পৰৱৰ্তী সময়ত পুনৰ ৫০ হাজাৰ টকা পঠাইছিল মেহেকৰ বেংক একাউণ্টলৈ। জ্যেষ্ঠ ভগ্নীয়ে এই বৃহৎ পৰিমাণৰ ধন বিচৰাৰ কাৰণ জানিব বিচৰাত মেহেকে মাথোঁ জনাইছিল ব্লেমেইলিঙৰ কথা।

উত্থাপিত অভিযোগ অনুসৰি, মেহেকৰ দৰে আন বহু যুৱতী ভণ্ড আজিজৰ প্ৰেমৰ জালত ভৰি থৈ ব্লেকমেইলিঙৰ বলি হৈছিল। নাম প্ৰকাশক অনিশ্চুক বহু যুৱতীয়ে ভণ্ড আজিজৰ বিৰুদ্ধে আনিছে কেতবোৰ বিস্ফোৰক অভিযোগ। মেহেকৰ ঘৰত আহি দুৱাৰ ভঙাৰ অভিযোগ, টকা ফালি ধনীৰ দুলাল হোৱাৰ অহংকাৰ দেখুৱাই ভীতিগ্ৰস্ত কৰাৰো অভিযোগ পৰিয়ালৰ।

অভিযোগ অনুসৰি, নিতৌ ন ন যুৱতীক জুৱাৰ আড্ডাস্থলীলৈ নিয়ে ভণ্ড আজিজে। দেহ ব্যৱসায়ৰ মাষ্টাৰমাইণ্ড আছিল এইজন আজিজ। শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, এবছৰৰ পূৰ্বে এগৰাকী যুৱতীক ধৰ্ষণৰ অভিযোগত কাৰাগাৰলৈ গৈছিল আজিজ আহমেদ। কিন্তু কাৰাগাৰৰ পৰা ওলাই আহিয়েই যুৱতীক প্ৰেমৰ জালত পেলাই ব্লেকমেইলিঙৰ দৰে ভয়ংকৰ কাৰ্যত জড়িত হৈ পৰে মাষ্টাৰমাইণ্ড মুন্না।

You May Also Like

More From Author