মৰেল পুলিছিং! মাত্ৰ ২০ টকাৰ বাবে মৰিয়াই মৰিয়াই হত্যা যুৱকক

1 min read

মৰেল পুলিছঙৰ স্বীকাৰ হৈ পুনৰ এজনৰ মৃত্যু। এইবাৰ মৰেল পুলিছিঙৰ এক লোমহৰ্ষক ঘটনা সংঘটিত হৈছে দেশৰ ৰাজধানী দিল্লীত। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত অনুসৰি মঙলবাৰে নিশা দিল্লীৰ নান্দ নাগৰি অঞ্চলত ২৬ বছৰীয়া এজন যুৱকক মাত্ৰ ২০ টকা চুৰি কৰাৰ সন্দেহত কেইজনমান লোকে মৰিয়াই মৰিয়াই হত্যা কৰে। ইচৰাৰ আহমেদ নামৰ যুৱকজনক হত্যাকাৰী দলটোৱে এটা খুঁটাত ৰচীৰে বন্ধি দলবদ্ধভাৱে প্ৰহাৰ কৰাৰ এটা ভিডিঅ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ভাইৰেল ভিডিঅটোত দেখা পোৱা গৈছে যে, ইচৰাৰ আহমেদক যুৱকৰ দলটোৱে এটা খুঁটাত বান্ধি লৈ লাথিৰে প্ৰহাৰ কৰিছিল। ইচৰাৰ আহমেদে যন্ত্ৰণাত চটফটাই কান্দি কান্দি দলটোক তেওঁক এৰি দিবলৈ অনুৰোধ জনোৱাৰ পিছতো যুৱকৰ দলটোৱে তেওঁক উপৰ্যোপৰি প্ৰহাৰ কৰি থাকিল।

ইচৰাৰৰ পিতৃ আব্দুল ৱাজিদে আৰক্ষীক জনোৱা মতে, তেওঁলোকৰ ওচৰ চুবুৰীয়া এজনে মাজনিশা ইচৰাৰক মাজনিশা ঘৰলৈ লৈ আহে আৰু সমগ্ৰ ঘটনাৰ বিষয়ে জনায়। যেতিয়া ইচৰাৰক ঘৰলৈ অনা হৈ তেতিয়া তেওঁলোকে ইচৰাৰৰ সমগ্ৰ দেহতে আঘাতৰ চিন প্ৰতক্ষ্য কৰে কিন্তু দুৰ্ভাগ্যজনকভাৱে চিকিৎসালয়লৈ নিয়াৰ আগতেই ইচৰাৰে নিজগৃহতেই শেষ নিশ্বাস ত্যাগ কৰে।

গোষ্ঠীগত সংঘৰ্ষৰ সূত্ৰপাতৰ কথা অমান্য কৰি তদন্তকাৰী আৰক্ষী বিষয়াই জনাই যে, এই আক্ৰমণত হিন্দু-মুছলীম দুয়োটা সম্প্ৰদায়ৰে লোক জড়িত আছিল। লগতে তেওঁ জনাই যে, ঘটনা সন্দৰ্ভত ইতিমধ্যেই এটা গোচৰ ৰুজু কৰা হৈছে। বহু কেইজনক অভিযুক্তক চিনাক্ত কৰা হৈছে আৰু অতিশীঘ্ৰেই বাকী কেইজনকো চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ বাবে চেষ্টা অব্যাহত আছে।

You May Also Like

More From Author