গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ডকাইতি কাণ্ড। অৰুণাচলৰ ইটানগৰত কৰ্মৰত নলবাৰীৰ মুকালমুৱাৰ যুৱকৰ পৰা নগদ ধন আৰু সোণৰ আ-অলংকাৰ লুটি নিছে দুৰ্বৃত্তই ৷ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত ১নং কাপলাবড়ি (ৰংচোৱা) গাঁৱৰ ঋতু বৰ্মনক অচেতন কৰি এই ডকাইতিৰ ঘটনা সংঘটিত কৰিছে ৷
প্ৰাপ্ত তথ্য অনুসৰি অৰুণাচলৰ ইটানগৰত কৰ্মৰত ঋতু বৰ্মনে দেওবাৰে নিশা ইটানগৰৰ পৰা নৈশ বাছেৰে মুকালমুৱাৰ ৰংচোৱা গাঁৱৰ নিজ ঘৰলৈ বুলি আহি আছিল ৷ পুৱতি নিশা ঋতুৱে গুৱাহাটী আইএছবিটি বাছ আস্থান আহি পায় ৷ বাছস্থানত পূৰ্বৰে পৰা ৰৈ থকা চাৰিচকীয়া বাহনৰ চালক এগৰাকীয়ে ঋতুক ক’লৈ যাব বুলি সোধাত ঋতুৱে ৰামপুৰ-দৌলাশাল যাম বুলি কোৱাৰ লগে লগে চালকজনে গাড়ী বৰপেটালৈ যাব বুলি কয় ৷ জানিব পৰা মতে চালকজনে এইবুলিও কয় যে- বৰপেটালৈ যোৱা ৩জন যাত্ৰী ইতিমধ্যে হৈছে আৰু এগৰাকী হ’লে চালকজনে যাত্ৰা আৰম্ভ কৰিব ৷ ঋতুৱে চালকজনৰ কথাত পতিয়ন গৈ গাড়ীত বহি লোৱাত চালকজনে ঋতুসহ ৪জন যাত্ৰী লৈ যাত্ৰা আৰম্ভ কৰে ৷
আইএছবিটিৰ পৰা কিছু দূৰ আহি আমিনগাঁৱৰ কোনো এখন চাহ দোকানত চাহ খাবলৈ নামি যায় চালকজনে ৷ চালকজনে চাহ খায় বাহনখনত থকা আন ৩গৰাকীলৈও চাহ লৈ আহে আৰু তেওঁলোকক খাবলৈ দিয়ে ৷ ইয়াৰ পাছতে চাহ খোৱাৰ ঠিক কিছু সময়ৰ পিছতে ঋতু অচেতন হৈ পৰে ৷ পুৱা ৮ মান বজাত ঋতু নলবাৰী জিলাৰ বেলশৰ আৰক্ষী থানাৰ অন্তৰ্গত সতীৰকুৰত অচেতন অৱস্থাত পথৰ দাঁতিত পৰি থকা খবৰ লাভ কৰে পৰিয়ালৰ লোকে ৷
স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত পৰিয়ালৰ লোক উপস্থিত হৈ ঋতুক অচেতন অৱস্থাত উদ্ধাৰ কৰি ততাতয়াকৈ নলবাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায় ৷ চিকিৎসালয়ত ঋতুৰ সংজ্ঞা উভতি অহাত ভয়ংকৰ ডকাইটিৰ ঘটনাটো পোহৰলৈ আহে ৷ দুৰ্বৃত্তই চাহৰ লগত নিচাজাতীয় দ্ৰব্য মিহলাই ঋতুক খাবলৈ দিয়াৰ পিছতে তেওঁ সংজ্ঞাহীন হৈ পৰে বুলি সন্দেহ কৰা হৈছে ৷ জানিব পৰা মতে দুৰ্বৃত্তৰ দলটিয়ে ঋতুৰ শৰীৰৰ পৰা সোণৰ চেইন, সোণৰ আঙুঠিকে ধৰি নগদ প্ৰায় ১,৩০,০০০ টকা লুট কৰি নিয়ে ৷