লক্ষ্মী-নাৰায়ণৰ ব্ৰতৰ লাভসমূহ জানি লওক

1 min read

লক্ষ্মী-নাৰায়ণৰ ব্ৰতৰ লাভ-( Religious Studies )

*বৈভৱ আৰু ধন সম্পদৰ প্ৰাপ্তি-

লক্ষ্মী-নাৰায়ণৰ ব্ৰত তথা পূজা কৰিলে-ঘৰত সকলো ধৰণৰ সমৃদ্ধিৰ বৃদ্ধি হয়।কোনো ব্যক্তি ধাৰত থাকিলে-এই ব্ৰত কৰিব লাগে।এই ব্ৰত কৰিলে-সংযুক্ত পূজনৰ দ্বাৰা সুখ-সম্পত্তি,ধন,বৈভৱ আৰু সমৃদ্ধিৰ বৰদান প্ৰাপ্ত হয়।যদি কোনো ব্যক্তিৰ কুণ্ডলীত কেমদ্ৰুম যোগ হয়-তেন্তে সেইজনৰ বাবে-এই পূজাই বহুত শুভ ফল দিয়ে।

*চাকৰি আৰু ব্যৱসায়ত লাভ হয়।

লক্ষ্মী নাৰায়ণৰ ব্ৰত তথা পূজা কৰিলে-ব্যপাৰত লাভ হয়।ব্যপাৰিসকলে এই ব্ৰত কৰিলে-তেওঁলোকৰ দেৱী লক্ষ্মীৰ আৰ্শীবাদ প্ৰাপ্ত হয় আৰু ব্যৱসায়ত বৃদ্ধি হয়।যি লোকে-চাকৰি স্থায়ী ভাৱে বিচাৰে আৰু নিজৰ কামত উন্নতি বিচাৰে-তেওঁলোকৰ বাবেও-এই ব্ৰত আৰু পূজা-বিশেষ ফলদায়ক হয়।( Religious Studies )

*সৌভাগ্যৰ প্ৰতি-জীৱনসংগীৰ সুখ-

লক্ষ্মী নাৰায়ণৰ ব্ৰত কৰিলে-সৌভাগ্যৰ বৃদ্ধি হয়।স্ত্ৰী সকলৰ মংগলময়-সুখৰ বৃদ্ধি হয়।যদি বিবাহত কোনো বাধা আছে-তেন্তে এই ব্ৰত কৰিব লাগে।এই ব্ৰতে-বৈবাহিক সুখ দিয়ে।দীঘল আয়ুষ,সুস্থ-শৰীৰ আৰু আধ্যত্মিক বিকাশৰ আৰ্শীবাদ প্ৰাপ্ত হয়।যদি-আপোনাৰ বিশেষ মনৰকামনা আছে-তেন্তে সেয়াকে-ধ্যানত ৰাখি-পূজনৰ সংকল্প লব লাগে।সংকল্প লৈ-সম্পূৰ্ণ বিধি-বিধানেৰে পূজা কৰি সমাপন কৰিব লাগে।এনে কৰিলে-মনৰকামনা পূৰ্ণ হয়।

You May Also Like

More From Author