লখিমপুৰত আনন্দ মিশ্ৰৰ আৰক্ষী বাহিনীক আক্ৰমণ। ড্ৰাগছ সৰবৰাহকাৰীৰ পৰিয়ালে আক্ৰমণ কৰে আৰক্ষীক। লখিমপুৰৰ বঙালমৰাৰ ২ নং আহমেদপুৰত এই আক্ৰমণৰ ঘটনা। ড্ৰাগছ পেডলাৰক লগত লৈ অভিযান চলাইছিল আৰক্ষীয়ে। ছাদ্দাম হুছেইনক আটক কৰা আৰক্ষীৰ ওপৰত আক্ৰমণ পৰিয়ালৰ। আৰক্ষী জোৱানক কামুৰি আহত কৰে আক্ৰমণকাৰীৰ দলে।
অসামৰিক পোচাকত আৰক্ষীয়ে চলাইছিল অভিযান। আক্ৰমণকাৰীয়ে মোকলাই লৈ গ’ল ছাদ্দাম হুছেইনক। আক্ৰমণকাৰীক বিচাৰি পুৱতি নিশা SP আনন্দ মিশ্ৰৰ অভিযান আৰম্ভ। দলনিপাৰাৰ পৰা ঘটনাৰে জড়িত অৰ্ধশতাধিক লোকক আটক।