সাৱধান! এইসমূহ থাইৰইডৰ আৰম্ভণিৰ লক্ষণ

1 min read

আজিৰ তাৰিখত বিশ্বব্যাপী ১০ জন ব্যক্তিৰ ভিতৰত ৪জনেই থাইৰইডৰ দৰে বিপদজনক ৰোগত আক্ৰান্ত। মেদবহুলতা, হৰমনৰ ভাৰসাম্যহীনতা আৰু ভুল জীৱনশৈলীয়েই হৈছে এই ৰোগৰ মুখ্য কাৰণ। ই দুই প্ৰকাৰৰ। ইয়াৰ প্ৰাৰম্ভিক লক্ষণবোৰ কি আৰু আপুনি ইয়াৰ পৰা নিজকে কেনেকৈ সুৰক্ষিত কৰিব পাৰে, আজি এই বিষয়ে জানো আহক-

থাইৰইডৰ লক্ষণ

. হাত-ভৰিৰ কঁপনি।

. চুলি সৰা আৰু পাতল হোৱা ।

. টোপনিৰ অভাৱ।

. পেশীৰ বিষ আৰু দুৰ্বলতা।

. উদ্বিগ্নতা আৰু খিংখিঙীয়া হোৱা।

. অত্যাধিক ঘাম ওলোৱা।

. দ্ৰুত হৃদস্পন্দন।

. বৰ্ধিত ভোক।

. ওজন হ্ৰাস।

. মহিলাৰ অনিয়মীয়া ঋতুস্ৰাৱ।

থাইৰইডৰ কাৰণ কি ?

আনুবংশিক

থাইৰইড ৰোগো আনুবংশিক। যদি আপোনাৰ পৰিয়ালৰ কাৰোবাৰ এই ৰোগ আছে, তেনেহ’লে ই আপোনাৰ সংক্ৰমণৰ আশংকা যথেষ্ট পৰিমাণে বৃদ্ধি কৰে।

স্বাস্থ্যকৰ আহাৰৰ অভাৱ

ভাল আহাৰ গ্ৰহণ নকৰিলে পুষ্টিৰ অভাৱৰ বাবেও এই সমস্যা বৃদ্ধি হ’ব পাৰে। থাইৰইড ভিটামিন-ডি, আয়ডিন, জিংক, চেলেনিয়াম আৰু অন্যান্য পুষ্টিৰ অভাৱৰ ফলতো হ’ব পাৰে।

বয়স

বৰ্ধিত বয়সো এই ৰোগৰ কাৰণ হ’ব পাৰে। বিশেষকৈ বৃদ্ধ বয়সত মহিলাৰ ক্ষেত্ৰত এই সমস্যা বৃদ্ধি হোৱাৰ আশংকা থাকে।

পাৰিপাৰ্শ্বিক কাৰকসমূহ

কিছুমান পাৰিপাৰ্শ্বিক কাৰকো থাইৰইডৰ কাৰণ হ’ব পাৰে।এইসমূহৰ ভিতৰত বিকিৰণ, প্ৰদূষণ, নিকোটিন আৰু ৰাসায়নিক পদাৰ্থ অন্যতম।

হৰমনৰ পৰিৱৰ্তন

গৰ্ভধাৰণ, ৰজোনিবৃত্তিৰ সময়ত মহিলাৰ থাইৰইডৰ সমস্যা বৃদ্ধি হ’ব পাৰে। সময় সলনি হোৱাৰ লগে লগে হৰমনৰ পৰিৱৰ্তনে এই ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে।

কেনেদৰে সুৰক্ষিত থাকিব ?

আহাৰত আয়ডিন অন্তৰ্ভুক্ত কৰিব

থাইৰইডৰ পৰা বাচি থাকিবলৈ আপুনি খাদ্য তালিকাত আয়ডিনযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে। মিঠা আলু, সাগৰীয় ফল আপুনি আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে।

নিয়মীয়া ব্যায়াম কৰিব

আপোনাৰ ৰুটিনত যোগ, প্ৰাণায়াম, ব্যায়াম, ধ্যান স্বাস্থ্যকৰ ব্যায়াম অন্তৰ্ভুক্ত কৰিব। ই থাইৰইডৰ সমস্যাত যথেষ্ট সকাহ দিব।

দুগ্ধজাত সামগ্ৰী

এই ৰোগত যিমান সম্ভৱ দুগ্ধজাত সামগ্ৰী গ্ৰহণ কৰিব। এইবোৰত কেলচিয়াম, ভিটামিন, খনিজ আৰু বহুতো পুষ্টি থাকে, যাক থাইৰইডত অতি উপকাৰী বুলি গণ্য কৰা হয়।

বি.দ্ৰ: যদি আপোনাৰ শৰীৰত এইসমূহ লক্ষণে দেখা দিয়ে, সোনকালে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

 

You May Also Like

More From Author