নিশা পাৰ্টী কৰিবলৈ মাতি নি মেহেক শৰ্মাক হত্যা কৰা আজিজ আহমেদ কোন? ডিব্ৰুগড়ৰ এটা প্লে বয় আজিজ। প্লে বয় আজিজে যাপন কৰে বিলাসী জীৱন। এনিশাতে লাখে লাখে টকা উৰুৱাই আকৃষ্ট কৰে সুন্দৰী যুৱতীক। চোলা সলোৱাদি আজিজে সলাই গাৰ্ল ফ্ৰেইণ্ড। প্ৰতিজনী গাৰ্ল ফ্ৰেইণ্ডক এণ্টাৰটেইন কৰিবলৈ আজিজে ব্যৱহাৰ কৰে বেলেগ বেলেগ গাড়ী
নিশাৰ ডিব্ৰুগড়ত ৰাজ চলে আজিজৰ। এখন বিশেষ অ’পেন এয়াৰ ৰেষ্টুৰেণ্টত প্ৰায়েই নিশাৰ অতিথি হয় আজিজ। অ’পেন এয়াৰ ৰেষ্টুৰেণ্টত বাণ্ডিলে বাণ্ডিলে টকা দেখুৱাই সুন্দৰী যুৱতীৰ হৃদয় জয় কৰাৰ চেষ্টা কৰে আজিজে। কেতিয়াবা ছোৱালীক ইমপ্ৰেছ কৰিবলৈ লগত দেহৰক্ষী লৈয়ো ওলাই আজিজ আহমেদে। অ’পেন এয়াৰ ৰেষ্টুৰেণ্টৰ লগতে নিশাৰ ডিব্ৰুগড়ৰ প্ৰতিখন পাব-ৰেষ্টুৰেণ্টত অবাধ ৰাজত্ব চলে প্লে বয় আজিজৰ।
ক’ত টকা পায় আজিজ আহমেদে?
কিন্তু কেনেকৈ? এইবোৰ কৰিবলৈ ক’ত টকা পায় আজিজ আহমেদে? জুৱা! হয় ‘পাতাল ভৈৰৱী’ৰ পটভূমি ডিব্ৰুগড়ৰ অন্ধকাৰ গলিত এতিয়াও চলে জুৱা খেল। অসম চিকিৎসা মহাবিদ্যালয়ৰ পিছফালে থকা হৰিজন কলনিত থকা জুৱাৰ আড্ডাৰ Show Money ৫০হাজাৰ। প্ৰতিদিনে কোটি টকাৰ লেনদেন হয় এনে জুৱাৰ আড্ডাত। কেৱল AMCH ৰ হৰিজন কলনিতে নহয়, ডিব্ৰুগড়ৰ জনৈক গান্ধীৰ ঘৰৰ লগতে বকুল আৰু বৰবৰুৱাতো বহে জুৱাৰ আড্ডা।
কিন্তু জুৱাত আনৰ যায়, আজিজৰ আহে। প্ৰায় সদায়ে আহে। চকুত লগাই থোৱা বিশেষ লেঞ্চৰ সহায়ত আজিজে প্ৰতিপক্ষৰ কাৰ্ডৰ উমান পায় বুলি সন্দেহ কৰে ডিব্ৰুগড়ৰ একাংশ লোকে। ৰূপকথাৰ নায়কৰ দৰে ডিব্ৰুগড়ৰ বহু লোকৰ মুখে মুখে বাগৰি ফুৰে আজিজ আহমেদৰ মুখৰোচক কাহিনী।
আহমেদৰ বিৰুদ্ধে আছে ধৰ্ষণৰো গোচৰ
এই আজিজ আহমেদৰ বিৰুদ্ধে আছে ধৰ্ষণৰো গোচৰ। ৪ বছৰ পূৰ্বে ধৰ্ষণৰ গোচৰত এগৰাকী যুৱতীৰ সৈতে জেলৰ ভাত খাব লগা হৈছিল আজিজ আহমেদে। কিন্তু জে’লৰ পৰা মুকলি হৈ ইতিমধ্যে সংসাৰ পাতিছে যুৱতীগৰাকীয়ে। বিপৰীতে আজিজ আহমেদে পাৰ্টী কৰিবলৈ মাতি আনি হত্যা কৰিলে মেহেক শৰ্মাক।
৯ ছেপ্তেম্বৰৰ বিয়লি ৩ বজাৰ পৰা আজিজৰ লগত থকা মেহেক শৰ্মাৰ ক্ষত–বিক্ষত মৃতদেহ উদ্ধাৰ হৈছিল দেওবাৰে পুৱতিনিশা ৪ বাজি ১০ মিনিটত। পুৱতিনিশা ২ বাজি ৪৫ মিনিটত লাহোৱাল বাইপাছত থকা মেল’ ব্ৰিজ ধাবাৰ পৰা একেলগে ওলাই অহা মেহেক শৰ্মাক কিয় হত্যা কৰিব লগা হ’ল আজিজ আহমেদে? হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিলেও এতিয়াও ম’টিভ সম্পৰ্কে মুখ খোলা নাই আজিজ আহমেদে।