হিন্দু ধৰ্মৰ জন্ম পাকিস্তানত: এই দাবী পাকিস্তানৰ বিদেশ মন্ত্ৰী জলিল আব্বাচ জিলানীৰ

1 min read

হিন্দু ধৰ্মৰ জন্ম পাকিস্তানত। এই মন্তব্য পাকিস্তানৰ তত্বাবধায়ক চৰকাৰৰ বিদেশ মন্ত্ৰী জলিল আব্বাচ জিলানীৰ। নিউ ইয়ৰ্কৰ এছিয়া চ’চাইতিৰ এখন বৈঠকত (New York Asia Society Summit) বৃহস্পতিবাৰে অংশ গ্ৰহণ কৰি জিলানীয়ে এই মন্তব্য প্ৰদান কৰে। তেওঁ কয় যে, হিন্দু ধৰ্মৰ (Hindu religion) জন্ম পাকিস্তানত হৈছিল, বৌদ্ধ ধৰ্মই (Buddhism) পাকিস্তানত প্ৰাণ পায় উঠিছিল। তেওঁ লগতে কয়, আৰব বিশ্বৰ পৰাহে ইছলাম ধৰ্ম পূৰ্বৰ অবিভক্ত এই দেশখনলৈ (Undivided India) আহিছে। তেওঁ দেশখনৰ সভ্যতা সংস্কৃতি ৫০০০ বছৰ পুৰণি বুলি কৈ সেই সভ্যতাৰ এক আভাস ল’বলৈ পৰ্যটকসকলক অনুৰোধ জনায়।

তেওঁ কয় “আমাৰ তাত বোধহয় বিশ্বৰ প্ৰথমখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল। ৫০০০ বছৰ পূৰ্বে তক্ষশিলা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল আমাৰ দেশত; আমাৰ দেশ এটা সময়ত বৌদ্ধ ধৰ্মৰ কেন্দ্ৰ বিন্দু; তেনে এক ঐতিহ্যৰ অৱশিষ্ট দেশখনত এতিয়াও পোৱা যায়।’’ তেওঁ বৈঠকত উপস্থিত লোকসকলক তেনে এক পুণ্য ভূমিলৈ, য’ত সনাতন ধৰ্মৰ জন্ম হৈছিল যাবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, পাকিস্তানত তত্বাবধায়ক চৰকাৰ চলি আছে। নিৰ্বাচন সমাগত কাৰণে ৰাষ্ট্ৰপতিয়ে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখনক ভংগ কৰি এখন কেয়াৰ টেকাৰ চৰকাৰ গঠন কৰিছে। নিয়ম মতে চৰকাৰ ভংগ হোৱাৰ ৯০ দিনৰ ভিতৰত নিৰ্বাচন হ’ব লাগে। কিন্তু এইবাৰ পাকিস্তানৰ নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কাৰণে নিৰ্বাচন দেৰি কৈ অনুস্থিত হ’ব। আয়োগে ঘোষণা কৰা মতে, আগন্তু জানুৱাৰীত নিৰ্বাচন পাতিব। দেশখনত লোকপিয়ল সমাপ্ত হোৱাৰ কাৰণে সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰয়োজনীয়তা আহি পৰিল।

You May Also Like

More From Author