৩০ বছৰ পিছত শনিত সৃষ্টি হৈছে ত্ৰিকোণ ৰাজযোগ, ভাগ্য সলনি হ’ব এই ৰাশিৰ জাতক–জাতিকাৰ

0 min read

বৈদিক জ্যোতিষ শাস্ত্ৰ অনুসৰি, শনিক ৰাশিচক্ৰৰ আটাইতকৈ ধীৰগতিৰ গ্ৰহ হিচাপে বিবেচনা কৰা হয়। শনিৰ অৱস্থান পৰিৱৰ্তনে সমস্ত ৰাশিৰ জাতক–জাতিকাক প্ৰভাৱিত কৰে। ইয়াৰ প্ৰভাৱ শুভ আৰু অশুভ দুয়োটাই হ’ব পাৰে। যিসকলৰ কুণ্ডলীত এই গ্ৰহ শুভ অৱস্থানত থাকে, তেওঁলোকে শনিদেৱৰ কৃপাত অত্যন্ত ভাল ফলাফল লাভ কৰে। কিন্তু যাৰ কুণ্ডলীত অশুভ অৱস্থানত থাকে শনি, তেওঁলোকে যুঁজিবলগীয়া হয় জীৱনত। বৰ্তমান শনি কুম্ভ ৰাশিত অৱস্থান কৰিছে।

কুম্ভ ৰাশিত থকাৰ সময়ত শনিৰ কেন্দ্ৰত ত্ৰিকোণ ৰাজযোগ সৃষ্টি হৈছে। এয়া বহু ৰাশিৰ বাবে গুৰুত্বপূৰ্ণ। শনিদেৱ বিগত ৩০ বছৰৰ দীৰ্ঘ ব্যৱধানৰ পিছত কেন্দ্ৰীয় ত্ৰিকোণ ৰাজযোগ নামেৰে এক বিশেষ যোগ গঠন কৰিছে। শনিত সৃষ্টি হোৱা ৰাজযোগৰ ফলত কি কি ৰাশিৰ জাতক–জাতিকাৰ উপকাৰ হ’ব?

বৃষ ৰাশি : কেন্দ্ৰীয় ত্ৰিকোণ ৰাজযোগ বৃষ ৰাশিৰ অধীনত জন্মগ্ৰহণকাৰী ব্যক্তিসকলৰ বাবে অত্যন্ত শুভ প্ৰমাণিত হ’ব। এই যোগ তেওঁলোকৰ বাবে খুব শুভ। বৃষ ৰাশিৰ জাতক–জাতিকাসকলে কৰ্মজীৱনত উন্নতি আৰু নতুন কামৰ সুযোগ লাভ কৰিব। জাতক–জাতিকাসকলৰ পাৰিবাৰিক সমস্যা দূৰ হ’ব, আৰ্থিক মসস্যাৰ সমাধান হ’ব আৰু তেওঁলোকৰ বিভিন্ন প্ৰচেষ্টা সফল হ’ব।

সিংহ ৰাশি : কেন্দ্ৰীয় ত্ৰিকোণ ৰাজযোগে সিংহ ৰাশিৰ জাতক–জাতিকাসকলৰ বাবে নানা ধৰণৰ সুবিধা লৈ আহিব। জাতক–জাতিকাসকলৰ পেছাগত জীৱনত সফলতা আহিব আৰু তেওঁলোকৰ সুনাম বৃদ্ধি হ’ব। আইনী বিষয়ৰ ক্ষেত্ৰতো এই যোগ শুভ প্ৰমাণিত হ’ব পাৰে। কেন্দ্ৰীয় ত্ৰিকোণ ৰাজযোগে জাতক–জাতিকাসকলৰ বাবে উল্লেখযোগ্য আৰ্থিক লাভৰ সুবিধা দিব, এই সময়ত ধনপ্ৰাপ্তিৰ সম্ভাৱনা আছে।

কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ অধীনত জন্মগ্ৰহণকাৰী ব্যক্তিসকলে এই সময়ত আত্মবিশ্বাস আৰু বিবিধ কৌশলী ক্ষমতাৰ অধিকাৰী হ’ব। এই ৰাজযোগে তেওঁলোকৰ বৈবাহিক জীৱনত সম্প্ৰীতি আনিব, যিকোনো অমীমাংসিত সমস্যাৰ সমাধান কৰিব। অন্যান্য ৰাশিৰ জাতক–জাতিকাক আৰু আকৃষ্টি কৰিব। এই সময়ত জাতক–জাতিকাসকলৰ ভাগ্যৰ উন্নতি হ’ব। শনিৰ কৃপাত জাতক–জাতিকাসকলৰ নতুন সুযোগ আহিব।

You May Also Like

More From Author