বিশ্বত বহু আজৱ ধৰণৰ লোক আপুনি নিশ্চয় দেখিছে। কাৰোবাৰ আজৱ স্বভাৱৰ ফলত লাভৱান হয়, কোনোৱে আকৌ বিপদত পৰিবলগীয়া হয়। কোনোৱে যদি ভাল কাম কৰি বিখ্যাত হ’ব বিচাৰে, কোনোৱে আকৌ আনক কষ্ট দি সুখী হ’ব বিচাৰে। শেহতীয়াকৈ এনে এগৰাকী মহিলাক আমেৰিকাৰ ছাউথ কেৰ’লিনাৰ পৰা কৰায়ত্ত কৰা হয়। এইগৰাকীৰ মহিলাৰ পৰিকল্পনা আছিল ৫ লাখ লোকক হত্যা কৰা!
২৫ বছৰীয়া কেটলিন আবৰ্নথীৰ উদ্দেশ্য আছিল ৫ লাখ লোকক মৃত্যুমুখলৈ ঠেলি দিয়া। অৱশ্যে মহিলাগৰাকীৰ এই উদ্দেশ্য ব্যৰ্থ হয় আৰু সময় থাকোতে ধৰা পৰে। কেটলিনৰ জিম্মাৰ পৰা প্ৰায় ডেৰ কিলোগ্ৰাম জম্বী ড্ৰাগছ উদ্ধাৰ হৈছে। এই ড্ৰাগছ হেৰ’ইনতকৈ পঞ্চাশ গুণ অধিক শক্তিশালী। এই ড্ৰাগছৰ সৈতে ধৰা পৰা কেটলিনক শীঘ্ৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। যিমান পৰিমাণৰ ড্ৰাগছ তেওঁৰ জিম্মাৰ পৰা উদ্ধাৰ হৈছে, সেই ড্ৰাগছেৰে ৫ লাখ লোকক সহজতে হত্যা কৰিব পাৰি।
কেটলিনে নিজৰ মুখমণ্ডলত সোঁ চকুৰ ওপৰত টাটো কৰি লিখিছিল ‘Ghost’ শব্দ। যেতিয়া আৰক্ষীয়ে তেওঁক দেখিছিল তেতিয়া আৰক্ষীৰ সন্দেহ হৈছিল। এই সন্দেহৰ ফলতে মহিলাগৰাকীৰ তদন্ত কৰা হয়। ইয়াৰ ফলত পোহৰলৈ আহে যে মহিলাগৰাকীৰ লগত ডেৰ কিলোগ্ৰাম ড্ৰাগছ আছে, যিবোৰ খুবেই ভয়ংকৰ। ইয়াৰ পিছতে আৰক্ষীয়ে সময় নষ্ট নকৰি কেটলিনক গ্ৰেপ্তাৰ কৰে।
কেটলিনক গ্ৰেপ্তাৰ কৰাৰ খবৰ আৰক্ষীয়ে নিজৰ ফেচবুক পোষ্টত প্ৰকাশ কৰে। কেটলিনৰ গাড়ীৰ পৰা এই ড্ৰাগছৰ লগতে মাৰণাস্ত্ৰও উদ্ধাৰ হৈছে। মাৰাত্মক ড্ৰাগছ আৰু মাৰণাস্ত্ৰ ৰখাৰ অভিযোগ উঠিছে। চকুৰ ওপৰত কৰা টাটোৰ বাবে এই মহিলাগৰাকীক ভয়ংকৰ লাগিছিল। বৰ্তমান মহিলাগৰাকী কাৰাবন্দী হৈ আছে। মহিলাগৰাকীয়ে এই ড্ৰাগছ ক’ৰ পৰা আনিছিল, কোনে দিছিল সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।