ৰাহুলৰ শৰত বিদ্ধ হৈ নিদ্ৰা হৰণ হৈছে বদৰুদ্দিন আজমলৰ

1 min read

আলৈ-আথানি হৈছে AIUDFৰ মুৰব্বী বদৰুদ্দিন আজমলৰ। নিজকে অসমৰ ৰাজনীতিৰ কিংমেকাৰ ৰূপে ঘোষণা কৰা বদৰুদ্দিন আজমলে এতিয়া ইকুলো পোৱা নাই আৰু সিকুলো নাপাই হাহাকাৰত পৰিছে। লোকসভাৰ নিৰ্বাচনৰ আহমুহূৰ্তত কাৰ কোলাত বহিব কাৰ বোকোচাত উঠিব তাকে ভাবি একো উৱাদিহ পোৱা নাই বদৰুদ্দিন আজমলে। ভূপেন বৰাক ছোনিয়া গান্ধী, ৰাহুল গান্ধীৰ নাম লৈ হেঁচা প্ৰয়োগৰ চেষ্টা কৰা বদৰুদ্দিন আজমলৰ সকলো অংকত চেঁচা পানী ঢালিলে কংগ্ৰেছৰ কাণ্ডাৰী ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে স্পষ্টকৈ ঘোষণা কৰিলে যে বদৰুদ্দিন আজমলৰ AIUDF দলৰ সৈতে কোনো সম্পৰ্ক নাই কংগ্ৰেছ দলৰ। দেওবাৰে ৰাহুল গান্ধীয়ে এই কথা কোৱাৰ পিছতে নিদ্ৰা হৰণ হৈছে আজমল বাহিনীৰ।

কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ বাৰম্বাৰ চেষ্টা কৰি আছিল আজমলে। কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বাবে কংগ্ৰেছৰ সৈতে মিত্ৰতা সম্ভৱ হোৱা নাছিল AIUDFৰ। সেই সময়ত আজমলৰ এটাই ভাষ্য আছিল যে মিত্ৰতাৰ কথা আমি গুৱাহাটীত নাপাতো। আমাৰ মিত্ৰতা হ’ব দিল্লীত। অৰ্থাৎ ভূপেন বৰা নহয়, ছোনিয়া–ৰাহুলৰ সৈতেহে মিত্ৰতা চূড়ান্ত কৰিব আজমলে। এক কথাত আজমলে এইটোকে বুজাব বিচাৰিছিল যে ভূপেন বৰাই নকৰিলেও দিল্লীত ছেনিয়া–ৰাহুলে AIUDFৰ সৈতে মিত্ৰতা কৰিবই। আজমলে হয়তো ভাবিছিল যে সংখ্যালঘু ভোটৰ তাড়নাত পৰি এ আই চি চিয়ে AIUDFৰ সৈতে মিত্ৰতা কৰিবই। কিন্তু আজমলৰ এই স্বপ্নভংগ কৰিলে ৰাহুল গান্ধীয়ে।

ৰাহুল গান্ধীয়ে শেহতীয়াকৈ স্পষ্টকৈ ঘোষণা কৰিলে যে AIUDF দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতাৰ কোনো সম্ভাৱনা নাই। ৰাহুলৰ এই মন্তব্যৰ পিছতে আজমলৰ মূৰত আকাশী সৰগ ভাগি পৰাৰ লেখিয়া হৈছে। ভূপেন বৰাৰ পিছত এই কথা স্পষ্ট কৰিছিল প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙেও। আৰু অৱশেষত ৰাহুল গান্ধীয়ে মুখ বন্ধ কৰি দিলে AIUDFৰ।
কেৱল অসমত কংগ্ৰেছৰে নহয়, দেশত বিৰোধী I.N.D.I.A. ব্লকতো নাই আজমলৰ দল AIUDF। I.N.D.I.A.ৰ বৈঠকলৈ নিমন্ত্ৰণ কৰা নহ’ল বদৰুদ্দিন আজমলক। দেখ দেখকৈ বিৰোধী শিবিৰে কোনো গুৰুত্ব নিদিলে আজমলৰ দলক। অসমতো ১২ দলীয় বিৰোধী মিত্ৰজোঁটৰ ভিতৰত নাই আজমলৰ দল। স্পষ্টতঃ একাষৰীয়া হৈছে আৰু অকলশৰীয়া হৈ পৰিছে আজমলৰ AIUDF দল।

You May Also Like

More From Author