যোগ্যতা অৰ্জন কৰিও এছিয়াডৰ পৰা বাদ অম্লান

0 min read

যোগ্যতা অৰ্জন কৰিও এছিয়ান গেমছৰ তালিকাৰ পৰা ৰহস্যজনকভাৱে বাদ পৰিল দেশৰ দ্ৰুত মানৱ হিচাপে পৰিচিত তথা ৰেকৰ্ডধাৰী দৌৰবিদ অসম সন্তান অম্লান বৰগোহাঁই৷ ১০০ আৰু ২০০ মিটাৰ দৌৰৰ চেম্পিয়ন অম্লান বৰগোহাঁইক আশ্চৰ্যজনকভাৱে সমাগত এছিয়ান গেমছৰ তালিকাৰ পৰা বাদ দিয়াক লৈ দেশৰ ক্ৰীড়াপ্ৰেমী তথা ক্ৰীড়া সংগঠকসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ লক্ষণীয়ভাৱে চীনৰ হাংঝু চহৰত আগন্তুক ২৩ ছেপ্টেম্বৰৰ অনুষ্ঠিত হ’বলগীয়া এছিয়ান গেমছৰ বাবে যোগ্যতা অৰ্জন কৰা ভাৰতীয় খেলুৱৈৰ তালিকা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ে বিগত ২৫ আগষ্টত ৰাজহুৱা কৰা তালিকাত এছিয়ান গেমছৰ বাবে অসমৰ মুঠ ৬ গৰাকী খেলুৱৈক নিৰ্বাচিত কৰে৷ বিভিন্ন শিতানত অংশগ্ৰহণ কৰিবলগীয়া অসমৰ খেলুৱৈ কেইগৰাকী হৈছে ক্ৰমে–মহিলা বক্সিঙত লাভলীনা বৰগোহাঁই, পুৰুষ বক্সিঙত শিৱ থাপা, শিৱাংগী শৰ্মা, বেডমিণ্টত অস্মিত চলিহা, ক্ৰিকেটত উমা চেক্ৰী আৰু ছেপাক টাক্ৰ’ত এ প্ৰিয়া দেৱী৷ ভাৰতীয় ছেপাক টাক্ৰ’ দলৰ হৈ খেলিবলগীয়া এ প্ৰিয়া দেৱীৰ ঘৰ হৈছে কাছাৰ জিলাৰ লক্ষীপুৰত৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে এছিয়ান গেমছৰ দৌৰত অসম সন্তান অম্লান বৰগোহাঁইৰ স্থান প্ৰথমেই থাকিব বুলি আশা কৰিছিল দেশৰ ক্ৰীড়াবিদসকলে৷ কিয়নো অম্লান ১০০ মিটাৰ আৰু ২০০ মিটাৰৰ দৌৰত ইতিমধ্যে দেশৰ দ্ৰুত মানৱ হিচাপে অনানুষ্ঠানিক স্বীকৃতি লাভ কৰিছে৷ কেৱল ইমানেই নহয়, এছিয়ান গেমছৰ যোগ্যতা নিৰ্ণয়কাৰী প্ৰতিযোগিতাত নিজৰ শ্ৰেষ্ঠতাৰ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল অম্লানে৷ এছিয়ান গেমছৰ ২০০ মিটাৰ দৌৰৰ যোগ্যতাৰ মান আছিল ২০.৬১ ছেকেণ্ড৷ অথচ বিগত ৪ আগষ্টত চীনৰ চেংডু নগৰত অনুষ্ঠিত হৈ যোৱা বিশ্ব বিশ্ববিদ্যালয় ক্ৰীড়া সমাৰোহত অম্লানে ২০.৫৫ ছেকেণ্ডতে নিৰ্দিষ্ট দৌৰি লক্ষ্য স্পৰ্শ কৰিছিল৷ উক্ত সমাৰোহত অম্লান বৰগোহাঁয়ে ব্ৰঞ্জৰ পদক লাভ কৰি দেশক গৌৰাৱাম্বিত কৰি তুলিছিল৷ আনহাতে অম্লানৰ ব্যক্তিগত শ্ৰেষ্ঠ সময় হৈছে ৫০.৫২ ছেকেণ্ড৷ যিটো ৰাষ্ট্ৰীয় ৰেকৰ্ড আছিল৷ কিন্তু ইয়াৰ পাছতো অজ্ঞাত কাৰণত ভাৰতীয় ক্ৰীড়া মন্ত্ৰণালয়ে সম্ভাৱনাপূৰ্ণ খেলুৱৈ অম্লান বৰগোহাঁইক এছিয়াডৰ পৰা বঞ্চিত কৰিছে৷ অম্লান বৰগোহাঁইৰ নাম তালিকাৰ পৰা বাদ দিয়াৰ পাছতো ভাৰতীয় এথলেটিকছ ফেডাৰেশ্বনৰ কথা বাদেই, অসম এথলেটিকছ সন্থায়ো কোনো গুৰুত্ব নিদিলে৷ অসম এথ্‌লেটিকছ সন্থাত মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, বিধায়ক জয়ন্ত বসুমতাৰী, মানৱ ডেকা, বিজেপি নেতা গীতাৰ্থ গোস্বামী, লক্ষ্য কোঁৱৰ দৰে বিয়াগোম নেতাই বিষয়বাবদ থাকিলেও অসম সন্তান অম্লান বৰগোহাঁইক ষড়যন্ত্ৰমূলকভাৱে এছিয়ান গেমছৰ পৰা বঞ্চিত কৰা কাৰ্যৰ কোনো বিৰোধিতা কৰা দেখা নগ’ল৷ অৱশ্যে অম্লানক তালিকাৰ পৰা বঞ্চিত কৰাক লৈ দেশজুৰি এতিয়া চৰ্চাৰ হোৱাত এথ্‌লেটিকছ ফেডাৰেশ্বন অৱ ইণ্ডিয়াই স্থিতি সলনি কৰাৰ সম্ভাৱনা আছে৷ ভাৰতীয় এথলেটিকছ ফেডাৰেশ্বনে হস্তক্ষেপ কৰিলে সৌ সিদিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কি বাত’ত বাৰ্তালাপ কৰা অসম সন্তান অম্লান বৰগোহাঁয়ে এছিয়াডত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ আশা আছে৷ উল্লেখ্য, অসম সন্তান বক্সাৰ শিৱ থাপা আৰু শ্বাটলাৰ অস্মিতা চলিয়াহে এছিয়ান গেমছত দ্বিতীয়বাৰলৈ খেলাৰ সুযোগ লাভ কৰিছে৷

You May Also Like

More From Author