শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত অৰ্জুনগুৰি অঞ্চলৰ দিখৌ নদীত আজি পুৱা এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পিন্ধনত টি ছাৰ্ট আৰু এটা মুগা বৰণীয়া থ্ৰি কোৱাৰ্টাটাৰ পেন্ট পৰিধান কৰা বগা বৰণৰ ব্যক্তিজনৰ বয়স আনুমানিক ত্ৰিশ-পয়ত্ৰিশ বছৰ হব বুলি ৰাইজে ধাৰণা কৰিছে ৷ জানিব পৰা মতে, দিখৌ নদীয়েদি উটি অহা মৃতদেহটো কালি বিয়লিৰ ভাগতেই নদীৰ পানীৰ যুৱলিত থকা গছৰ ডালত লাগি ধৰিছিলহি ৷ কালিৰে পৰা উৎকট গোন্ধ ওলাবলৈ ধৰাত স্থানীয় ৰাইজে আজি পুৱা গোন্ধৰ উৎস বিচাৰি যোৱাৰ সময়তে পানী যুৱলিত উৱলি যোৱা মৃতদেহটো প্ৰত্যক্ষ কৰে ৷ লগে লগেই স্থানীয় ৰাইজে গাঁওৰক্ষী বাহিনীৰ সহযোগত সদৰ আৰক্ষী থানাত অৱগত কৰাত দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ শাৰীৰিক অৱয়ব আৰু পৰিধান কৰা সাজ-পোছাকৰ পৰা ব্যক্তিজন দিখৌ নদীৰ উজনিমুৱা কোনো অঞ্চলৰ বুলিয়েই আশংকা প্ৰকাশ কৰিছে ৷ শৰীৰত বিশেষ তেনে কোনোধৰণৰ আঘাত পৰিলক্ষিত নোহোৱা ব্যক্তিজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হোৱা নাই যদিও মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু মৃতদেহ চিনাক্ত হ’লেহে প্ৰকৃত কাৰণ স্পষ্ট হ’ব বুলি আৰক্ষীয়ে জনাইছে ৷
দিখৌ নৈত অচিনাক্ত মৃতদেহক লৈ চাঞ্চল্য
Posted on by GTM Desk
1 min read
You May Also Like
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025
More From Author
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025