ভেজাল গাখীৰ এইদৰে চিনক

1 min read

গৰুৰ গাখীৰ সৰু-ডাঙৰ সকলোৰে বাবে উপকাৰী৷ অৱশ্যে খাটি গাখীৰ হ’ব লাগিব৷ পিছে খাটি গাখীৰ সকলোতে পোৱা নাযায়৷ আজি কালি অধিক লাভৰ বাবে ব্যৱসায়ীসকলে পানীৰ উপৰি গৰুৰ গাখীৰত ডিটাৰজেণ্ট পাউদাৰ, ফৰ্মেলিন, গ্লুক’জ আদি মিহলোৱা বুলি প্ৰায়েই অভিযোগ শুনা যায়৷ গাখীৰৰ পৰিমাণ, ঘনত্ব আৰু দীৰ্ঘস্থায়িত্ব বৃদ্ধি কৰা বা সোৱাদ অপৰিৱৰ্তিত কৰি ৰখাৰ বাবে একাংশ ব্যৱসায়ীয়ে গাখীৰৰ সৈতে এইবোৰ উপাদান মিহলায়৷ অৰ্থাৎ খাটি গাখীৰৰ সলনি বজাৰত এতিয়া ৰাসায়নিক গাখীৰহে যেন সৰবৰাহ হৈ আছে৷ ভেজাল গাখীৰে উপকাৰৰ সলনি স্বাস্থ্যৰ হিতে বিপৰীত কৰে৷ পিছে, আপুনি কিনিবলৈ লোৱা গাখীৰ ভেজাল নে খাটি সেয়া কেনেদৰে বুজিব? উল্লেখ কৰা হ’ল ভেজাল গাখীৰ চিনি পোৱাৰ উপায়–

⬛পানী মিহলোৱা গাখীৰঃ এডোখৰ এঢলীয়া মসৃণ ঠাইত কেইটোপালমান গাখীৰ পেলাই দিয়ক৷ খাটি গাখীৰ হ’লে লাহে লাহে তাক ঠাইডোখৰে শুহি ল’ব, কিন্তু শুহি লোৱা ঠাইডোখৰত গাখীৰৰ বগা চামনি থাকি যাব৷ ভেজাল হ’লে গাখীৰখিনি পেলোৱাৰ লগে লগে শুহি যাব, কিন্তু কোনো দাগ নাথাকিব৷

⬛ডিটাৰজেণ্ট মিহলোৱা গাখীৰঃ এটা গিলাচত ৫-১০ মিলিলিটাৰ গাখীৰ সমপৰিমাণৰ পানীৰ সৈতে মিহলাই কিছুসময় ভালদৰে লৰচৰ কৰক৷ গাখীৰখিনিত যদি ডিটাৰজেণ্ট মিহলোৱা হৈছে দেখিব তাত ডাঠ ফেন উঠিছে৷ খাটি গাখীৰৰ ফেন পাতল হয়৷

⬛ষ্টাৰ্চ মিহলোৱা গাখীৰঃ এটা পাত্ৰত ২-৩ মিলিলিটাৰ গাখীৰৰ সৈতে ৫ মিলিলিটাৰ পানী মিহলাই উতলাই লওক৷ এইবাৰ সেইখিনি ঠাণ্ডা কৰি তাত ২-৩ টোপাল আয়ডিন দিয়ক৷ যদিহে গাখীৰৰ বৰণ নীলাৰ দৰে হয় বুজিব এই গাখীৰ ভেজাল৷

⬛ফৰ্মেলিন মিহলোৱা গাখীৰঃ এটা টেষ্টটিউবত ১০ মিলিলিটাৰ গাখীৰ লৈ তাত ৫ মিলিলিটাৰ ছালফিউৰিক এচিড পেলাই দিয়ক৷ যদি গাখীৰ আৰু এচিডৰ মিশ্ৰণখিনি বেগুণীয়া বা নীলা বৰণৰ হৈছে, বুজিব গাখীৰত ফৰ্মেলিন মিহলোৱা হৈছে৷ গাখীৰ দীৰ্ঘসময়লৈ বেয়া নহ’বলৈ একাংশ ব্যৱসায়ীয়ে ফৰ্মেলিন মিহলায়৷

⬛ইউৰিয়া মিহলোৱা গাখীৰঃ টেষ্টটিউবত এচামুচ গাখীৰ লওক৷ এইবাৰ তাত আধা চামুচ চয়াবিন বা ৰহৰ দাইলৰ পাউদাৰ মিহলাই মিশ্ৰণটো ভালদৰে লৰাওক৷ পাঁচমিনিটমান পাছত মিশ্ৰণখিনিত এটুকুৰা ৰঙা লিটমাছ পেপাৰ বুৰাই আধা মিনিট পাছত পেপাৰৰ টুকুৰাটো উলিয়াই আনক৷ যদি ৰঙা লিটমাছ পেপাৰৰ টুকুৰাটোৰ বৰণ নীলা হৈছে বুজিব এই গাখীৰত ইউৰিয়া মিহলোৱা হৈছে৷

You May Also Like

More From Author