‘‘মোৰ ডাঙৰ ছোৱালীজনীৰ কিবা হ’লে মই জীয়াই নাথাকো, মই ল’ৰা ছোৱালী কেইটা লৈ কিন্তু মৰি যাম। মই জীয়াই থাকিবলৈ ৰাস্তাই নাই কেনেকৈ জীয়াই থাকিম? মোৰ ৮ বছৰীয়া ল’ৰাটোৱে সোধে, পাপা কেতিয়া আহিব মা? মই ক’ৰ পৰানো আনি দিওঁ পাপাক? মইতো আজি এবছৰৰ পৰা গৈয়ে আছো থানাত। থানাত একো তদন্তই নহয়। কুকুৰৰ নিচিনা দৌৰাই আছে মোক। একোৱেই সহায় কৰি নিদিছে।’’
এইয়া এগৰাকী অসহায় মাতৃ, প্ৰতাৰিত পত্নী, আৰক্ষীৰ দ্বাৰা অৱহেলিত সৰ্বসাধাৰণ মহিলাৰ হিয়াভগা কান্দোন। মহিলাগৰাকীৰ ১৫ বছৰীয়া ডাঙৰ ছোৱালীজনীৰ জটিল ৰোগ, লগত আৰু দুটি সন্তান। থাকিবলৈ নাই এটি ঘৰ, উপাৰ্জন বুলিবলৈ মানুহৰ ঘৰত বন কৰি দিনে ১৫০ টকা পাই মহিলাগৰাকীয়ে।
স্বামীক বিচাৰি আৰক্ষী দুৱাৰে দুৱাৰে ঘূৰিছে মৰাণ-চেপনৰ এইগৰাকী মহিলা। তিনি সন্তানক বুকুত লৈ স্বামীক ঘূৰাই পোৱাৰ অপেক্ষাত পত্নী চাহিদা বেগমৰ আৰক্ষী ওচৰত তাঁতবাতি। কোনো সুফল নাপাই অৱশেষত ডিব্ৰুগড়ৰ সাংবাদিকৰ ওচৰত আহি হাতযোৰ কৰি কাকুতি–মিনতি কৰিলে মহিলাগৰাকীয়ে।
ঘটনাৰ বিৱৰণ দি মহিলাগৰাকীয়ে হুকহুকাই কান্দি উঠিল সাংবাদিকৰ আগত। শিৱসাগৰৰ শিমলুগুৰিৰ পালে আলি ৱাজিদৰ সৈতে বিবাহ হৈছিল ২০০৭ চনত ডিব্ৰুগড় জিলা মৰাণৰ চেপনবজাৰ চাহিদা বেগমৰ। বিবাহ পাছত এবছৰলৈ সুখেৰে আছিল দুয়ো। তাৰ পাছত পৰকীয়া প্ৰেমত পৰি দেখিব নোৱাৰা হয় পত্নীক। শাৰীৰিক-মানসিক অত্যাচাৰ চলাই খেদি দিয়ে মাকৰ ঘৰলৈ পত্নী চাহিদা বেগমক।
পত্নী চাহিদা বেগমে চেপনত পিতৃ-মাতৃৰ ঘৰত থাকিবলৈ লোৱাত তেওঁৰ স্বামী পালে আলি ৱাজিদো চেপনত পত্নীৰ লগত থাকিবলৈ লয়। কিন্তু তেওঁৰলোকৰ সংসাৰ সুখৰ নহ’ল। চাহিদা বেগমে মনে–প্ৰাণে ভাল পোৱা স্বামী পালে আলি ৱজিদে আন নাৰীৰ প্ৰৰোচনাত পৰি ঘৰ-মাটি বিক্ৰী কৰি এবছৰৰ পূৰ্বে তিনিটা সন্তানসহ এৰি যায় পত্নীক। এই অভিযোগ উত্থাপন কৰে চাহিদা বেগমে।
এতিয়া স্বামীৰ সন্ধান বিচাৰি ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক থানা, আৰক্ষী চকীৰ দুৱাৰে দুৱাৰে দৌৰি কোনো সুফল নাপাই অৱশেষত কাষ চাপিল সাংবাদিকৰ। চাহিদা বেগমে সাংবাদিকৰ আগত কান্দি কান্দি কি ক’লে, মোৰ ওচৰত আৰু একো উপাই নাই, তিনিটা সন্তান লৈ মৰি দিম মই।