বৰষুণে অৱশেষত আমাক ৰক্ষা কৰিছে: শ্বোৱেইব আখতাৰ

1 min read

“বৰষুণে অৱশেষত আমাক ৰক্ষা কৰিছে। যোৱাবাৰ ভাৰতক বচাবলৈ বৰষুণ আহিছিল; আজি আমি বিপদত পৰিছিলোঁ আৰু আমাক বচাবলৈ বৰষুণ আহে।”-শ্বোৱেইব আখতাৰ

শ্বোৱেইব আখতাৰে দেওবাৰে কলম্বোত অনুষ্ঠিত এছিয়া কাপ ২০২৩ৰ ছুপাৰ ফ’ৰ মেচৰ ভাৰত-পাক যুঁজ সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰে । ৰাৱালপিণ্ডি এক্সপ্ৰেছ নামেৰে খ্যাত ৪৮ বছৰীয়া ছোৱেইব আখতাৰে কয় যে বৰষুণে মেন ইন গ্ৰীণক ৰক্ষা কৰিলে।

আখতাৰে এক্সত (পূৰ্বতে টুইটাৰ) এটা ভিডিঅ’ পোষ্ট কৰি কয়, “বৰষুণে অৱশেষত আমাক ৰক্ষা কৰিছে। যোৱাবাৰ ভাৰতক বচাবলৈ বৰষুণ আহিছিল; আজি আমি বিপদত পৰিছিলোঁ আৰু আমাক বচাবলৈ বৰষুণ আহে।”

উল্লেখ্য যে দেওবাৰে খেল স্থগিত ৰখাৰ সময়ত ভাৰতে ২৪.১ অভাৰত দুই উইকেটৰ বিনিময়ত ১৪৭ ৰাণ সংগ্ৰহ কৰিছিল । সেই সময়ত বিৰাট কোহলী (৮) আৰু কে এল ৰাহুল (১৭) ক্ৰীজত আছিল। অৱশ্যে দুৰ্যোগপূৰ্ণ বতৰৰ বাবে খেলুৱৈসকলে খেলপথাৰ ত্যাগ কৰিবলৈ বাধ্য হয় আৰু কিছু সময় পিছতে বৰষুণ তীব্ৰতৰ হয়।

You May Also Like

More From Author