গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্পৰ নাম শুনিয়েই গৰজি উঠিল গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল৷ স্মাৰ্ট চিটী প্ৰকল্পৰ ব্যৰ্থতাৰ বাবে পাকে-প্ৰকাৰে পূৰ্বৰ সোণোৱাল চৰকাৰকে জগৰীয়া কৰি মন্ত্ৰী সিংঘালে কয়– ‘সময়মতে নিবিদা নোহোৱা, প্ৰজেক্ট সম্পূৰ্ণ নোহোৱা, মাটি নোপোৱা আদি বিভিন্ন কাৰণত পূৰ্বতে স্মাৰ্ট চিটীৰ কাম লেহেমীয়া হ’ল৷ এইবাৰ দেশৰ স্মাৰ্ট চিটীৰ যি বঁটা ঘোষণা কৰা হৈছে সেয়া ২০২১ চনৰ ভিত্তিত ঘোষণা হৈছে৷ আগতে স্মাৰ্ট চিটীৰ টকা খৰচেই কৰিব পৰা নাছিল৷ কিন্তু এতিয়া আমি যথেষ্ট কাম কৰিছো৷ ল’ৰা-ছোৱালীবিলাকে যেনেদৰে পৰীক্ষাত পাছ কৰিবলৈকে পঢ়ে, আমিও তেনেদৰে স্থান পাবৰ বাবেই কাম কৰি আছোঁ৷’ উল্লেখ্য, ২০২৩ বৰ্ষত মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰে পুনৰবাৰ দেশৰ শ্ৰেষ্ঠ স্মাৰ্ট চিটীৰ বঁটা লাভ কৰিছে৷ গুজৰাটৰ চুৰাট আৰু উত্তৰ প্ৰদেশৰ আগ্ৰা চহৰে এই তালিকাত দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ কিন্তু কেন্দ্ৰীয় চহৰ উন্নয়ন মন্ত্ৰণালয়ে ঘোষণা কৰা স্মাৰ্ট চিটীৰ বঁটাত গুৱাহাটীয়ে কোনো স্থান লাভ নকৰিলে অথচ নাগালেণ্ডৰ কহিমাই পালে বঁটা৷ এই প্ৰসংগতে সাংবাদিকে গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘালক প্ৰশ্ন কৰাত একপ্ৰকাৰ জাঙুৰ খাই উঠিল তেওঁ৷
সোণোৱাল চৰকাৰৰ গাফিলতিৰ বাবেই স্মাৰ্ট চিটী নহ’ল গুৱাহাটী: মন্ত্ৰী সিংঘাল
Posted on by GTM Desk
1 min read
You May Also Like
দৰঙত বাঘৰ আক্ৰমণত পুনৰ এজন আহত
November 20, 2024
মহানগৰীৰ মাজমজিয়াৰ পৰা শিশু নিৰুদ্দেশ!
November 16, 2024
প্ৰায় ৫ ঘণ্টা থানাত বহুৱাই ৰখাৰ অন্তত যাবলৈ দিলে জ্ঞানদীপ হাজৰিকাক
November 16, 2024
More From Author
National Press Day Observed in Kamrup
November 17, 2024
প্ৰায় ৫ ঘণ্টা থানাত বহুৱাই ৰখাৰ অন্তত যাবলৈ দিলে জ্ঞানদীপ হাজৰিকাক
November 16, 2024