নগাঁৱৰ জামুগুৰিত মনবৰ নাথৰ ৮১ সংখ্যক ছহিদ দিৱস উদযাপন…

1 min read

নিউজ ব্যুৰ’,নগাঁও,২০ছেপ্টেম্বৰ:–১৯৪২ চনৰ ২০ছেপ্টেম্বৰৰ দিনটো ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসৰ এটি স্মৰণীয় দিন । স্বাধীনতা আন্দোলনৰ নেতৃত্ব দিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ দলে ২০ ছেপ্টেম্বৰৰ দিনটোতে দেশৰ আৰক্ষী থানাসমূহত জাতীয় পতাকা উত্তোলনেৰে “থানা দখল” কাৰ্যসূচী গ্ৰহণ কৰিছিল । কাৰণ তেতিয়া আৰক্ষী থানাসমূহেই আছিল সাম্ৰাজ্যবাদী বৃটিছ চৰকাৰৰ ক্ষমতাৰ প্ৰতীক। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰো বিভিন্ন আৰক্ষী থানাত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। কংগ্ৰেছৰ জাতীয় পতাকা উত্তোলনেৰে “থানা দখল” কাৰ্যসূচী ৰূপায়ণৰ দায়িত্বৰ ভাগ অৰ্পণ কৰা হয় স্বেচ্ছাসেৱক দলৰ “মৃত্যু বাহিনী”ৰ ওপৰত । অসমৰ গহপুৰ আৰু ঢেকিয়াজুলি আৰক্ষী থানা প্ৰাংগণৰ ৰক্তাক্ত ইতিহাসে ২০ছেপ্টেম্বৰ দিনটোক কৰি তোলে অসমৰ স্বাধীনতা আন্দোলনৰ ইতিহাসৰ এক ৰাঙলী দিন। শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি আৰক্ষী থানাত জাতীয় পতাকা উত্তোলন কৰি আৰক্ষীৰ গুলিত প্ৰাণ আহুতি দিয়ে মৃত্যু বাহিনীৰ প্ৰথম নায়ক মনবৰ নাথে। ১৯৪২চনৰ ২০ ছেপ্টেম্বৰত আৰক্ষী থানাত ইংৰাজৰ পতাকা আঁতৰাই ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ সশস্ত্ৰ বৃটিছ আৰক্ষীৰ গুলিত প্ৰাণ আহুতি দিয়া ভাৰতৰ স্বাধীনতা আন্দোলনৰ বীৰ যোদ্ধা মৃত্যু বাহিনীৰ প্ৰথম নায়ক ছহিদ মনবৰ নাথৰ ৮১সংখ্যক স্মৃতি দিৱস বুধবাৰে ছহিদজনৰ জন্মস্থান নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৱৰ্তী জামুগুৰিত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। এই উপলক্ষে জামুগুৰি ছহিদ মনবৰ নাথ মজলীয়া বিদ্যালয় প্ৰাংগণত পুৱা ৮বজাত পতাকা উত্তোলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি উৎপল বৰদলৈয়ে আৰু মনবৰ নাথৰ ছহিদ বেদীত স্মৃতি তৰ্পণ কৰে স্বভাৱ কবি তথা শাস্ত্ৰজ্ঞ নৰেন নাথে । ইয়াৰ ত!পিছতে ১০ বজাৰ পৰা ছহিদজনৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি উৎপল বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট অনাতাঁৰ শিল্পী গম্ভীৰ নাথে কয় যে নিজৰ প্ৰাণকো হেয় জ্ঞান কৰি ছহিদ মনবৰ নাথে বৃটিছৰ গুলি বুকু পাতি মৃত্যুক আঁকোৱালি লৈছিল। মনবৰ নাথৰ দৰে স্বাধীনতা আন্দোলনৰ ছহিদসকলৰ ত্যাগ আৰু আদৰ্শক মূল্যায়ণ কৰি নতুন প্ৰজন্মই ছহিদৰ আদৰ্শৰে আগবাঢ়ি যাব লাগিব । বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰিজুমণি বৰাই আঁত ধৰা সভাখনত বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক কবি অনিল নাথ,প্ৰধান শিক্ষক দীপক হাজৰিকাকে ধৰি কেইবাজনো বক্তাই ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত অসমৰ অৱদানৰ লগতে ছহিদ মনবৰ নাথৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে । স্মৃতিচাৰণ সভাত বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে প্ৰবীণ শিল্পী গম্ভীৰ নাথে মনবৰ নাথৰ ওপৰত ৰচনা কৰা সমবেত সঙ্গীত পৰিবেশন কৰে। স্মৃতিচাৰন সভাৰ পিছতে সাংস্কৃতিক অনুষ্ঠানত বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে দেশপ্ৰেমমূলক গীতত নৃত্য প্ৰদৰ্শন,কবিতা আবৃত্তি,গীত পৰিবেশন কৰে। সন্ধিয়া বন্তি প্ৰজ্বলনেৰে ছহিদ দিৱসৰ অনুষ্ঠানৰ সামৰণি পৰে। আনহাতে জামুগুৰিৰে ছহিদ মনবৰ নাথ স্মৃতি পুথিভঁৰাল প্ৰাংগণতো ছহিদ মনবৰ নাথ দিৱসটি উদযাপন কৰা হয় ।

        ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author