নিউজ ব্যুৰ’,নগাঁও,২১ছেপ্টেম্বৰ:–অসমৰ এগৰাকী খ্যাতিমান শিল্পী ভাস্কৰ বীৰেণ সিংহলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা। বিগত ২০১৭ চনৰ পৰা ঊনবিংশ শতিকাত অসমীয়া ভাষা উদ্ধাৰৰ প্ৰধান নায়ক, আধুনিকতাৰ অগ্ৰদূত আনন্দৰাম ঢেকিয়াল ফুকনৰ নামেৰে বঁটা প্ৰদান কৰি আহিছে নগাঁৱৰ এখনি আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে । বিগত বৰ্ষবোৰত বিশিষ্ট বিজ্ঞানী বিদ্যুৎ শর্মা,বিশিষ্ট সমাজকর্মী বিৰুবালা ৰাভা,বিশিষ্ট ভাষাবিদ- সাহিত্যিক নাহেন্দ্ৰ পাদুন,প্রখ্যাত অভিনেতা বিষ্ণু খাৰঘৰীয়া আৰু বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিক এই বঁটা আগবঢ়োৱা হৈছিল । উল্লেখ্য যে ১৯৫১ চনত ছয়গাঁৱত জন্মলাভ কৰি দাৰিদ্ৰতাৰ বাবে কঠোৰ জীৱন সংগ্ৰামৰ মাজেৰে ূঅগ্রসৰ হৈয়ো নিজকে এগৰাকী সফল শিল্পী হিচাপে প্রতিষ্ঠিত কৰা বীৰেণ সিংহৰ প্রায় ২০০ ভাস্কর্য শিল্প অসম তথা উত্তৰ-পূব ভাৰতৰ বিভিন্ন প্ৰান্তত স্থাপিত হৈছে । ইয়াৰ ভিতৰত ব্ৰহ্মপুত্ৰৰ মাজত সংস্থাপিত ৩৫ ফুট উচ্চতাৰ লাচিত বৰফুকনৰ পূর্ণাবয়ৱ মূর্তি, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত ২০১৮ চনত সংস্থাপিত ঢেকিয়াল ফুকনৰ পূর্ণাবয়ৱ মূৰ্তি প্ৰধান । ভাস্কর্য শিল্পৰ মাজেদি অসমৰ জনকৃষ্টিক দৃশ্যমান কৰি তোলা অপূৰ্ব শৈলীৰ বাবেই মূলতঃ সিংহক ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট ডিগ্রী প্ৰদান কৰিছে। অহা ২২ ছেপ্টেম্বৰ (শুক্ৰবাৰে) আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এটি গাম্ভীর্যপূর্ণ অনুষ্ঠানত বীৰেণ সিংহক এই বঁটা প্ৰদান কৰা হ’ব। উক্ত অনুষ্ঠানতে মহাবিদ্যালযখনে বিগত বৰ্ষৰ দৰে ২০২৩ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন স্মাৰক বক্তৃতানুষ্ঠানটিৰো আয়োজন কৰিছে । এই বৰ্ষৰ বক্তৃতা প্ৰদান কৰিব কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য তথা ৰসায়ন বিজ্ঞানৰ খ্যাতিমান গৱেষক ড° ৰমেশ চন্দ্ৰ ডেকাই প্ৰদান কৰিব বুলি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সদানন্দ পায়েঙে জনাইছে । উল্লেখ্য যে,বিগত বছৰ সমূহত ড° হীৰেন গোহাঁই,ভবেন বৰুৱা,ৰঞ্জিত কুমাৰ দেৱগোস্বামী, এছ এন. শ্রীবাস্তব,ড° ৰাজেন শইকীয়া,প্রভাত বৰা আদি বিদ্বান ব্যক্তিয়ে বক্তৃতা প্ৰদান কৰি গৈছে আৰু মহাবিদ্যালয়ে উক্ত বক্তৃতাসমূহৰ এটি একত্র সংকলনো প্ৰকাশ কৰি উলিয়াইছে। নিয়মীয়া শৈক্ষিক পাঠদানৰ সমান্তৰালভাৱে মহাবিদ্যালয়খনে নানা সামাজিক তথা বিদ্যায়তনিক কাম-কাজৰ মাজেদি ছাত্ৰ-ছাত্ৰীক এক বহল সাংস্কৃতিক পৰিৱেশ দিয়াৰ যত্ন কৰি আহিছে।
ঋতু পৰ্ণ শৰ্মা,নগাঁও