মহানগৰীত জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যুক আঁকোৱালি ল’লে যুৱকে

0 min read
  • মহানগৰীৰ পুনৰ সংঘটিত হৈছে জলব’ৰ্ডৰ গাঁতত পৰি যুৱকৰ মৃত্যুৰ ঘটনা।
  • হেঙেৰাবাৰীৰ পথৰ জাইকাৰ গাঁতত পৰাৰ ফলত মৃত্যুক আঁকোৱালি লয় এজন যুৱকে।
  • বৃহস্পতিবাৰে নিশা ৯.৩০ বজাত গাঁতত পৰিছিল যুৱকজন।
  • যুৱকজনৰ নাম মণ্টু ডেকা।
  • মণ্টু ডেকাৰ বয়স ৩২ বছৰ বুলি জানিব পৰা গৈছে।
  • হেঙেৰাবাৰী লিচু বাগানত ঘৰ মণ্টুৰ।
  • নিশা হেঙেৰাবাৰীৰ মূল পথৰে আহি থাকোঁতে গাঁতত পৰিছিল যুৱকজন।
  • তাৰ পিছত দিছপুৰ পলিক্লিনিকত ভৰ্তি কৰোৱা হয় যুৱকজনক।
  • হাস্পতালত যুৱকজনৰ ভুল চিকিৎসা কৰাৰ অভিযোগ।
  • অভিযোগ অনুসৰি এটা বেজী দিয়াৰ পিছতে বেছিকৈ অসুস্থ হয় পৰে যুৱকজন।
  • তাৰ পিছতে মৃত্যুক আঁকোৱালি লয় যুৱক জনে।

You May Also Like

More From Author