সোমবাৰে বাসুগাঁও চহৰৰ সমীপৰ বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত এখন গাঁৱত জীতেন বৰ্মন নামৰ এগৰাকী ৬০ বছৰীয়া ব্যক্তিৰ বিৰুদ্ধে এজনী ১০ বছৰীয়া ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ আহিছে ।ভুক্তভোগীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত বিদ্যাপুৰ আৰক্ষী চকীৰ আৰক্ষীয়ে অভিযুক্ত জীতেন বৰ্মনক তাৰ বাসগৃহৰ পৰা আটক কৰে ।
অভিযোগ অনুসৰি অভিযুক্ত পেচাত ই-ৰিক্সা চালক জীতেন বৰ্মন নামৰ ব্যক্তিজনে ১৫ দিন আগতে ওচৰ চুবুৰীয়া নাবালিকা ছাত্ৰী গৰাকীক ফুচুলাই লৈ নিজ ঘৰতে যৌন নিৰ্যাতন চলাইছিল । উল্লেখ্য যে পাষণ্ড লোকজনে নাবালিকা গৰাকীৰ সৈতে এই কু-কৰ্ম এদিন দুদিন নহয় ৪/৫ দিন কৰিছিল বুলি ভুক্তভোগী ছাত্ৰ গৰাকীয়ে পৰিয়ালৰ লোকক অৱগত কৰিছে ।
এই কাণ্ড সংঘটিত কৰা পিছত অভিযুক্ত ব্যক্তিজনে ছাত্ৰী গৰাকীক প্ৰাণে মৰাৰ ভয় ভাবুকি প্ৰদান কৰি ঘটনাটো গাপ দিয়াৰ অপচেষ্টা চলাইছিল। যাৰ কাৰণে ভুক্তভোগী গৰাকীয়ে এই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকক অৱগত কৰা নাছিল ।
কিন্তু যোৱা শনিবাৰে ছাত্ৰী গৰাকী বিদ্যালয়ত যোৱাৰ পিছত এগৰাকী সহপাঠীয়ে এই ঘটনা প্ৰত্যক্ষ কৰে আৰু ছাত্ৰগৰাকীক জোকাবলৈ আৰম্ভ কৰে। তাৰপাছতে ভুক্তভোগী কিশোৰী গৰাকী ঘৰলৈ আহি পৰিয়ালৰ আগত সকলো কথা খুলি কয়। ঘটনা সন্দৰ্ভত ভুক্তভোগী ছাত্ৰী গৰাকীৰ পৰিয়ালে গাঁৱৰ কেইজনমান লোকক অৱগত কৰাত একাংশ লোকে আলোচনাৰ মাধ্যমে মীমাংসা কৰাৰ মত পোষণ কৰে । কিন্তু পৰিয়ালৰ লোকে এই বিষয়টো সহজভাবে মানি লব পৰা নাছিল ।
তাৰপাছতে সোমবাৰে পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত বিদ্যাপুৰ আৰক্ষী চকীত লিখিত অভিযোগ কৰে। আৰক্ষীয়ে তাৎক্ষনিক প্ৰতিক্ৰিয়া দেখুৱাই অভিযুক্ত জীতেন বৰ্মনক ঘৰৰ পৰা আটক কৰি লৈ যোৱাৰ লগতে ভুক্তভোগী ছাত্ৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ লগতে জবানবন্দী ল’বলৈ বঙাইগাঁও লৈ যায়।
ইপিনে এই ঘটনাক কেন্দ্ৰ এলেকাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । সভ্য সমাজক লজ্জানত কৰি এগৰাকী দহ বছৰীয়া ছাত্ৰীৰ সৈতে কু-কৰ্ম সংঘটিত কৰা জীতেন বৰ্মনক কঠিন শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে ৰাইজে । ইপিনে অভিযুক্ত জীতেন বৰ্মনে নিজকে নিদোৰ্ষী বুলি দাবী কৰে আৰু তেখেতৰ দ্বাৰা যদি এই ঘটনা সংঘটিত তাৰ কি প্ৰমাণ আছে বুলি ওলোটাই উক্ত স্থানত উপস্থিত থকা সংবাদ মাধ্যমৰ লোক সকলক প্ৰশ্ন কৰে ।