■মৃত লোকজন দৰঙ্গীপাৰাৰ প্ৰদীপ কুমাৰ ডেকা(৪৫)।
■লোকজনে প্ৰত্যেকদিনাৰ দৰে যোৱা নিশাও নিজৰ পুখুৰী চাৱলৈ গৈছিল আৰু তেতিয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল।
■স্থানীয়লোকে ৰাতিপুৱা লোকজনৰ মৃতদেহ তেওঁৰ নিজৰ পুখুৰীৰ পাৰত প্ৰত্যেক্ষ কৰে।
■লোকজনৰ মৃত্যুৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই।
■ঘটনাস্থলীত মুকালমুৱা আৰক্ষী উপস্থিত হয় ।
■উল্লেখযোগ্য যে অহা অক্টোবৰ মাহৰ ১৭ তাৰিখে মৃত প্ৰদীপ কুমাৰ ডেকাৰ বিবাহৰ দিন আছিল।
■বিবাহৰ কেইদিনমান পূৰ্বে লোকজনৰ মৃতদেহ এনেদৰে ৰহস্যজনক ভাৱে উদ্ধাৰ হোৱাত পৰিয়াল মাজত হাহাকাৰ লাগে।
■এতিয়া আৰক্ষীৰ তদন্তৰ পিছতহে লোকজনৰ লোকজনৰ মৃত্যুৰ কাৰণ পোহৰলৈ আহিব।
বৰক্ষেত্ৰীৰ পৰা প্ৰতিবেদন