নৃশংস : দুই কন্যা সন্তানক হত্যা গৰ্ভৱতী মাতৃৰ

1 min read
কাছাৰত দুই অবুজ কন্যা সন্তানক গৰ্ভৱতী মাতৃয়ে হত্যা কৰাৰ ঘটনাত চাঞ্চল্য বিয়পি পৰিছে। মাতৃ আজমিৰা বেগম লস্কৰে ১০ মহীয়া আৰু ৩ বছৰ বয়সৰ কন্যা সন্তান দুটাক হত্যা কৰে। এই নৃশংস আৰু ভয়ানক ঘটনা সোণাই সমষ্টিৰ হাতীখালৰ বাউৰীকান্দি অঞ্চলত সংঘটিত হৈছে । শুকুৰবাৰে পুৱা এই ঘটনা পৰিয়ালটোৰ আন সদস্যসকলৰ দৃষ্টিগোচৰ হয় । বৰ্তমান কচুধৰম আৰক্ষীয়ে আজমিৰা বেগমক গ্ৰেপ্তাৰ কৰাৰ লগতে আৰক্ষীয়ে থানাত জেৰা অব্যাহত ৰাখিছে । স্থানীয় ৰাইজে জনোৱা মতে, মহিলাগৰাকীয়ে পুৱা কন্যা সন্তান দুটাৰ সৈতে কম্বলৰ তলত একেলগে শুই আছিল। পৰিয়ালৰ লোকে তাইক জগাই তুলিবলৈ যাওঁতে আজমিৰা দহমহীয়া ফাতিমা বেগম লস্কৰ আৰু তিনি বছৰীয়া ৰেজিনা বেগম লস্কৰ নামৰ সন্তান দুটাৰ সৈতে শুই থকা দেখা পায়।মাত দিয়াৰ পিছত বিছনাৰ পৰা উঠি নাহে যদিও কম্বলখন আঁতৰাই দিওঁতে মাক আৰু দুটা সন্তানৰ কাপোৰ তিতি থকা আৰু বিছনাত অচেতন হৈ থকা দুই শিশুৰ মৃতদেহ পায়। ইয়াৰ পিছত ঘৰখনত চিঞৰ-বাখৰ আৰু কান্দোন আৰম্ভ হয়। তেওঁলোকে মহিলাগৰাকীক সোধা-পোছা কৰাৰ পিছত ঘটনাটো পোহৰলৈ আহে। স্থানীয় পঞ্চায়ত প্ৰতিনিধিয়ে জনোৱা মতে, মহিলাগৰাকীয়ে স্বীকাৰ কৰিছে যে কালি নিশাৰ ভাগতে সন্তান আৰু তেওঁক ঘৰৰ পৰা বাহিৰলৈ ওলাই যাবলৈ হুমকি দিয়া হৈছিল। তেতিয়া তেওঁ নিজৰ সন্তান দুটাক পুখুৰীৰ পানীত পেলাই দিছিল আৰু পুৱা প্ৰায় ছয় বজাত ঘৰলৈ লৈ আহে। অৱশ্যে এই নৃশংস আৰু হৃদয়বিদাৰক ঘটনাৰ আঁৰত আন কিবা কাৰণ আছে নে নাই, সেই কথা আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব বুলি পঞ্চায়ত প্ৰতিনিধিগৰাকীয়ে উল্লেখ কৰিছে। তেওঁ কয় যে এই খবৰ বিয়পি পৰাৰ পিছতে কচুধৰম আৰক্ষীয়েও ঘৰখনত উপস্থিত হৈ মহিলাগৰাকী অৰ্থাৎ দুটা সন্তানৰ মাতৃক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জনা যায় যে ,আজমিৰা বেগম আছিল বাউৰীকান্দিৰ ৰেবুল হক লস্কৰৰ দ্বিতীয় পত্নী।

You May Also Like

More From Author