ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই কাইলৈ মহাকাশলৈ সূৰ্য্য অভিমুখে উৎক্ষেপন কৰিব লগীয়া আদিত্য এল-১ ৰ লগত জড়িত আছে যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী। সূৰ্য্যৰ জটিল প্ৰক্ৰিয়াবিলাক অধ্যয়ন কৰিবলৈ প্ৰেৰণ কৰিবলগীয়া আদিত্যৰ কাৰ্য্যক্রমণিকাৰ এটা গুৰুত্বপূৰ্ণ বিষয়ত নেতৃত্ব ল’বৰ বাবে যুটীয়া অনুসন্ধানকাৰী বিজ্ঞানী হিচাপে নিযুক্ত কৰা হৈছে যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড°ঐশ্বন্যা শৰ্মাক। আদিত্য এল-১ ত সংলগ্ন দূৰবীক্ষণ যন্ত্ৰ সংক্ষেপে SUIT (Solar Ultraviolet Imaging Telescope)-এ সংগ্ৰহ কৰি পঠিয়াব লগীয়া তথ্যৰ পৰা সূৰ্য্যৰ আলোকমণ্ডল আৰু বৰ্ণমণ্ডলত স্থিত তৰংগ আৰু কম্পনৰ বিষয়ে তেওঁ অধ্যয়ন কৰিব। উল্লেখযোগ্য যে ড° শৰ্মাই ২০১৫ চনৰ পৰা আদিত্যত সংলগ্ন সাতটা যন্ত্ৰৰ অন্যতম যন্ত্ৰ SUIT ৰ মুখ্য অনুসন্ধানকাৰী বিজ্ঞানী তথা পুনেত অৱস্থিত জ্যোতি পদাৰ্থ বিজ্ঞানৰ গৱেষণা প্ৰতিষ্ঠান IUCAA ৰ জ্যেষ্ঠ বিজ্ঞানী প্ৰফেছৰ দূর্গেশ ত্ৰিপাঠীৰ লগত বৰ্তমানেও কৰ্মৰত। নাকৰ এ প্লাছ গ্ৰেড লাভ কৰা যোৰহাটৰ অগ্ৰণী শিক্ষানুষ্ঠান বাহনা মহাবিদ্যালয়ৰ শিক্ষকসকল ইতিমধ্যেই আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিভিন্ন ক্ষেত্ৰত উচ্চগুণমান সম্পন্ন গৱেষণাত বৰ্তি থকাৰ উপৰি গৱেষণাপত্ৰ প্ৰকাশ কৰি ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৃত হৈছে। ড° শৰ্মা যোৰহাট ৰজামৈদাম নিউকলনীৰ বিচিত্ৰ শৰ্মা, দীপালি শৰ্মাৰ কন্যা আৰু নগৰৰ উপকণ্ঠৰ পদুমণি নিবাসী তথা চিলাপথাৰ মহাবিদ্যালয়ৰ শিক্ষক উৎপল শইকীয়াৰ পৰিবাৰ। ভাৰতবর্ষৰ সূৰ্যমুখী অভিযানৰ ঐতিহাসিক যাত্ৰাত ড°ঐশ্বন্যা শৰ্মা জড়িত হোৱাত মহাবিদ্যালয় পৰিয়ালৰ লগতে যোৰহাট তথা অসমবাসীয়ে আনন্দ প্ৰকাশ কৰিছে।
সূৰ্যাভিযান আদিত্য এল-১ত জড়িত যোৰহাটৰ ড°ঐশ্বন্যা শৰ্মা
Posted on by GTM Desk
1 min read
You May Also Like
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025
More From Author
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025