■বৰক্ষেত্ৰী সমষ্টিৰ মেৰুৱাট্টাৰী গাঁৱৰ ইনাম আলীৰ ঘৰত চুৰি কাণ্ড সংঘটিত হয়।
■ৰাতি প্ৰায় ২/৩ মান বজাত ইনাম আলীৰ লৰা জাহেদুৰ ৰহমানৰ AS14N8461 নম্বৰৰ গ্লেমাৰ বাইক খন চোৰে তলা ভাঙি লৈ যায় যদিও প্ৰায় ৩০ মিটাৰ মান দূৰত আমজাদ আলীৰ ঘৰৰ সন্মুখত পেলাই থৈ যায়।
■ৰাতিপুৱা গাৱৰ মানুহে গাড়ীখন পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰি খৱৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় পৰিয়ালবৰ্গই ।
■পৰিয়ালৰ লোকে জানিব দিয়া অনুসৰি মেৰুৱাট্টাৰী গাঁৱত দিনক দিনে ড্ৰাগছ ,জুৱাৰ ঘাটিত পৰিণত হৱলৈ ধৰিছে,যাৰ বাবে দিনক দিনে বিভিন্ন লোকৰ ঘৰত চুৰিকাণ্ড সংঘটিত হবলৈ ধৰিছে।
■লগতে কয় মেৰুৱাট্টাৰী গাৱৰ তিনি আলিত প্ৰতিদিনে ড্ৰাগছকে ধৰি কেৰাম,লুডু আদিৰ জুৱাৰ আদ্দা হয়।
■ড্ৰাগছ,জুৱাৰ লগত জড়িত লোকেই বাইক চুৰি কাণ্ডটো সংঘটিত কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ।
■প্ৰশাসনক এই বিষয়ে তদন্ত কৰাৰ লগতে ৰাইজক সজাগ হবলৈ আহ্বান জনায় পৰিয়ালৰ লোকে।
বৰক্ষেত্ৰীৰ পৰা প্ৰতিবেদন।