অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ

1 min read

অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ সভাপতি চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ চি আই ডিৰ ৷ অন্ধ্ৰ প্ৰদেশ ষ্টেট স্কীল ডেভেলপমেণ্ট কৰ্পৰেশ্যন(এপিএছএছডিচি) ৩১৭ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে নাইডুক। প্ৰাক্তন মুখ্যমন্ত্ৰী জনক গ্ৰেপ্তাৰৰ পাছতে বিজয়ৱাড়া জে’ললৈ প্ৰেৰণ কৰাৰ প্ৰস্তুতি চলাইছে চি আই ডিয়ে ।

উল্লেখ্য যে,এই বৃহৎ কেলেংকাৰীত এক নং অভিযুক্ত হিচাপে চি আইডিয়ে চিহ্নিত কৰিছে নাইডুক ৷ আই পিচি আৰু দুৰ্নীতি প্ৰতিৰোধী আইনৰ120(8), 166, 167, 418, 420, 465, 468, 471, 409, 201, 109 r/w 34 & 37 IPC and other sections of the Prevention of Corruption Act, 1988. অধীনত চি আই ডিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীজনক গ্ৰেপ্তাৰৰ পূৰ্বে কে’বাবাৰো চমন পঠিয়াইছিল যদিও কোনো গুৰুত্বআৰোপ কৰা নাছিল নাইডুৱে ৷

মনকৰিবলগীয়া যে,অন্ধ প্ৰদেশৰ ৰাজনীতিৰ অন্যতম নেতা নাইডুক শণিবাৰে পুৱা ভাগত চিআইডিয়ে নন্দয়ালাত গ্ৰেপ্তাৰ কৰাৰ বিষয়ে টিডিপিয়ে ছচিয়েল মিডিয়া হেণ্ডেলত সদৰি কৰে৷ আনকি গ্ৰেপ্তাৰৰ ভিডিঅ’ও ছচিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰে দলটোৱে৷

গ্ৰেপ্তাৰৰ পাছতে অন্ধ প্ৰদেশৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিবাদ কৰে টিডিপিয়ে ৷ ঠায়ে ঠায়ে আৰক্ষীৰে হতাহত পৰ্যন্ত হয় টিডি পি ক্ষুব্ধ প্ৰতিবাদকাৰীৰ ৷

শেহতীয়া খবৰ অনুসৰি প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ গ্ৰেপ্তাৰৰ পাছতে তেওঁৰ অধিবক্তাই চিআইডিক অৱগত কৰে যে নাইডু ব্লাড প্ৰেছাৰ আৰু ছুগাৰৰ ৰোগী ৷ কিন্ত চিআইডিয়ে অধিবক্তাৰ কথালৈ কোনো গুৰুত্বআৰোপ নিদি পোনে পোনে মেডিকেল পৰীক্ষাৰ বাবে লৈ যায় ৷

নাইডুৰ অধিবক্তাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে নাইডুৰ জামিনৰ বাবে উচ্চ ন্যায়ালয়ৰ কাষ চপা হ’ব ৷

You May Also Like

More From Author