এপলে মুকলি কৰিছে আইফোন ১৫; মূল্য প্ৰায় ৬৬,২৩০ টকাৰ পৰা আৰম্ভ

1 min read

এপলে মুকলি কৰিছে আইফোন ১৫। ইয়াৰ কেমেৰা ৪৮ মেগাপিক্সেল। আইফোন ১৫ প্লাছৰ ‘ফাইণ্ড মাই’ ফিচাৰে ১৪খন দেশত কাম কৰিব আৰু ই চেলুলাৰ সেৱা অবিহনে কাম কৰিব পাৰিব। ইয়াত থাকিব টাইপ-চি ইউএছবি চাৰ্জিং প’ৰ্ট। আইফোন ১৫ৰ ১২৮ জিবি ভেৰিয়েন্টৰ মূল্য প্ৰায় ৬৬,২৩০ টকা আৰু আইফোন ১৫ প্লাছৰ ১২৮ জিবি ভেৰিয়েন্টৰ মূল্য প্ৰায় ৭৪,৫১৮ টকা।

প্ৰথমবাৰৰ বাবে এপলৰ শেহতীয়া ডিভাইচ আইফোন ১৫ ভাৰত আৰু অন্যান্য অঞ্চলত ক্ৰয়ৰ বাবে উপলব্ধ হ’ব বিশ্বব্যাপী মুকলিৰ দিনটোতে। ইয়াত বৈপ্লৱিক দিশটো হ’ল “মেড ইন ইণ্ডিয়া” টেগ, যিটো চীনকেন্দ্ৰিক উৎপাদন ভিত্তিৰ পৰা এপলে বছৰ বছৰ ধৰি নিৰ্ভৰ কৰি অহা এক নাটকীয় পৰিৱৰ্তন।

চৰকাৰৰ ‘ মেক ইন ইণ্ডিয়া’ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ভাৰতৰ উৎপাদন উদ্যোগৰ বাবে এই পদক্ষেপ এক বৃহৎ জয়। ই কেৱল চাকৰিৰ সুযোগ সৃষ্টি কৰাই নহয় এপলৰ বিশ্বব্যাপী যোগান শৃংখলত ভাৰতক এক উল্লেখযোগ্য খেলুৱৈ হিচাপে গঢ়ি তুলিব।

You May Also Like

More From Author