ত্ৰিপুৰাত বি এছ এফৰ হাতত আটক ৩ ৰোহিংগীয়া কিশোৰী

1 min read

সম্প্রতি আন্তর্জাতিক নাৰী সৰবৰাহৰ মৃগয়া ক্ষেত্রত পৰিণত হৈছে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা। ৰাজ্যখনৰ কমলসাগৰ বিধানসভাৰ বিভিন্ন সীমান্তৱর্তী এলেকাত নাৰী সৰবৰাহৰ লগতে নিষিদ্ধ সামগ্ৰীৰ বেহা সন্দৰ্ভত কেতবোৰ তথ্য পোহৰলৈ আহিছে।

নিষিদ্ধ ড্ৰাগছসহ মানৱ সৰবৰাহৰ নিৰাপদ কৰিড’ৰ হিচাপে ব্যবহৃত হৈছে কোনাবন, হৰহৰদোলা, ফুলতলী, মতি নগৰ, কৈয়াদেপাসহ বিভিন্ন সীমান্তৱর্তী এলেকা। বাংলাদেশৰ নাৰী সৰবৰাহকাৰীৰ লগত যোগাযোগ কৰি প্রতিদিনে কমলাসাগৰ মিয়াপাৰা, হৰিয়াৰদোলা আৰু মতিনগৰসহ বিভিন্ন সীমান্তৱর্তী এলেকাৰে ৰোহিংগীয়া যুৱতী বহি:ৰাজ্যলৈ সৰবৰাহ কৰাৰ তথ্য পোহৰলৈ আহিছে।

এইদৰে অবৈধভাৱে বাংলাদেশৰ পৰা ভাৰতত অনুপ্রৱেশ কৰাৰ সময়ত কোনবন হৰিহৰদোলা এলেকাৰ পৰা ৩গৰাকী ৰোহিংগীয়া কিশোৰীক বি এছ এফে আটক কৰে। জানিব পৰা মতে দালালৰ জৰিয়তে বাংলাদেশৰ পৰা ত্ৰিপুৰা সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল কিশোৰী কেইজনীয়ে।

ৰোহিংগীয়া কিশোৰী কেইজনীৰ ভিতৰত এজনীৰ বয়স প্ৰায় ১৪ বছৰ আৰু আন দুজনীৰ বয়স ১২ বছৰ হ’ব বুলি অনুমান কৰা হৈছে। আনহাতে আটকাধীন কিশোৰী কেইগৰাকীক বি এছ এফে মধুপুৰ থানাত গতাই দিয়ে।

You May Also Like

More From Author