বৰপেটাৰোডৰ নিৰুদ্দিষ্ট যুৱতী হাৰিয়ানাত উদ্ধাৰ…

0 min read

একাংশ দুষ্টচক্ৰই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন প্ৰলোভনেৰে অসমৰ যুৱতীক দেশৰ বিভিন্ন ৰাজ্যত লৈ গৈ বিক্ৰী কৰাৰ ঘটনা বহু সময়ৰ পৰা ঘটি আহিছে ৷ অসমৰ যুৱতী মহিলাসকলক বহি:ৰাজ্যত বিক্ৰী কৰাৰ পাচত সেইসকল যুৱতী মহিলাক অসামাজিক কাৰ্যকলাপত লিপ্ত কৰোৱাৰ দৰে জঘন্য ঘটনা সংঘটিত হৈ থকাৰ কথা সৰ্বজনবিদিত ৷

শেহতীয়াকৈ তেনে এক জঘন্য ঘটনা সংঘটিত হৈছে বৰপেটাৰোডত । বিগত ২০ ছেপ্টেম্বৰত বৰপেটাৰোডৰ বালাভিঠাৰ পৰা এগৰাকী যুৱতী নিৰুদিষ্ট হোৱাৰ পাচতে যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে বৰপেটাৰোড আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে । এজাহাৰৰ ভিত্তিত বৰপেটাৰোড আৰক্ষীয়ে যুৱতীগৰাকী নিৰুদিষ্ট হোৱাৰ তদন্ত অব্যাহত ৰাখে ৷ আৰক্ষীৰ তদন্তত যুৱতীগৰাকী হাৰিয়ানাত থকা বুলি তথ্য লাভ কৰে বৰপেটাৰোড আৰক্ষীয়ে ।

পাচত বৰপেটাৰোড আৰক্ষীৰ দল এটাই হাৰিয়ানাত উপস্থিত হৈ হাৰিয়ানাৰ ৰোহতক জিলাৰ পৰা যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । হাৰিয়ানাৰ পৰা উদ্ধাৰ কৰা যুৱতীগৰাকীক লৈ শুকুৰবাৰে বৰপেটাৰোড আৰক্ষী থানাত উপস্থিত হয় আৰক্ষীৰ দলটো । যুৱতীগৰাকীক হাৰিয়ানা কেনেকৈ পালেগৈ তাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

You May Also Like

More From Author